বিশ্বনাথ, 8 ছেপ্টেম্বৰ: বিশ্বনাথ জিলাত অঘটন ৷ খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথত (Food poisoning in Biswanath) ৷ ঘটনাৰ বিৱৰণী মতে, মধুপুৰ গাঁৱৰ বাবু বিশ্বকৰ্মা নামৰ এজন ব্যক্তিৰ ঘৰৰ চাদ ঢালাইৰ কামত নিয়োজিত আছিল শ্ৰমিকসকল ৷ চাদ ঢালাই দিয়াৰ পিছতে খাদ্য গ্ৰহণ কৰিছিল কৰ্মৰত শ্ৰমিকসকলে ৷
খাদ্য গ্ৰহণ কৰাৰ লগে লগেই অসুস্থ হৈ পৰে ১৬ গৰাকীকৈ শ্ৰমিক (Many people suffer from food poisoning) ৷ উল্লেখ্য যে, ঘৰৰ মালিকে শ্ৰমিকসকলক খাদ্য যোগানৰ বাবে ধন দিছিল ঠিকাদাৰক ৷ ঠিকাদাৰে হোটেল এখনৰ পৰা ব্যৱস্থা কৰিছিল খাদ্যৰ ৷ সেই খাদ্য খায়ে অসুস্থ হৈ পৰে ১৬ গৰাকীকৈ শ্ৰমিক ৷ আক্ৰান্ত শ্ৰমিকসকলক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ইফালে হোটেলখনৰ কৰ্মচাৰীয়ে ৰাসায়নিক সাৰৰ বাল্টিঙত তৰকাৰী ভৰাই অনাৰ অভিযোগ ৷ ইতিমধ্যে, হোটেলৰ মালিকক সোধা-পোছাৰ বাবে আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে জব্দ কৰিছে খাদ্য ভৰাই অনা বাল্টিকে ধৰি অন্যান্য বাচন ৷
লগতে পঢ়ক: মৰিগাঁৱৰ বাৰুকাটাত মাহ প্ৰসাদ খাই আক্ৰান্ত শতাধিক লোক