ETV Bharat / state

বিশ্বনাথত বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে দুজনৰ

author img

By

Published : Jan 15, 2021, 10:56 AM IST

Updated : Jan 15, 2021, 1:47 PM IST

বৃহস্পতিবাৰৰ লেখীয়াকৈ শুকুৰবাৰে পুৱাৰ ভাগতো বিশ্বনাথত বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে আন এজন লোকৰ ৷ মৃত লোকজন শলমাৰীৰ শুকুৰ আলী বুলি চিনাক্ত ৷ অৱশ্যে বন বিভাগৰ গুলীবৰ্ষণত মৃত্যু হয় বনৰীয়া ম’হটোৰ ৷

buffalo attack
বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণ

বিশ্বনাথ,15 জানুৱাৰী : বিশ্বনাথৰ শলমাৰীত শুকুৰবাৰে পুৱাৰ ভাগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যুমুখত পৰে এজন লোক ৷ মৃত লোকজনৰ নাম শুকুৰ আলী বুলি জানিব পৰা গৈছে ৷

ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগতো বনৰীয়া ম’হে প্ৰাণ লয় বিশ্বনাথ ঘাটৰ মটক গাঁৱৰ জয়ন্ত দাস নামৰ এজন লোকৰ ৷

ঘটনাক লৈ মটক গাঁৱৰ হাজাৰ হাজাৰ উত্তেজিত ৰাইজে বন বিভাগৰ হেমাহিৰ অভিযোগ তুলি জিলাখনৰ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়টো জ্বলাই দিয়ে ৷

বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণ

অৱশেষত বন বিভাগৰ গুলীবৰ্ষণত মৃত্যু হয় বনৰীয়া ম’হটোৰ । ইফালে ম’হৰ আক্ৰমণত নিহত হোৱা লোক দুজনৰ ক্ষতিপূৰণৰ বাবদ চৰকাৰক 20 লাখ টকাৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে ৷

buffalo attack
বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণ

ম'হৰ আক্ৰমণত মৃত্যু হোৱা দুই ব্যক্তিৰ পৰিয়ালক ২০ লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক : ৰাম মন্দিৰ নিৰ্মাণ: নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি

Last Updated : Jan 15, 2021, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.