ETV Bharat / state

বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত - local businessmen's land encroachment by forest and revenue dept.

বন বিভাগ আৰু ৰাজহ বিভাগে কোনো ক্ষয়-ক্ষতি নিদিয়াকৈ ম‍্যাদী পট্টাৰ মাটিত উচ্ছেদ চলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷

বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত

author img

By

Published : Jan 9, 2021, 5:55 PM IST

Updated : Jan 9, 2021, 8:33 PM IST

বিশ্বনাথ, 9 জানুৱাৰী: ভূমি বেদখলকাৰী অথবা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে নহয়, এইবাৰ বন বিভাগ আৰু ৰাজহ বিভাগৰ চকু পৰিছে থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত ৷ ক্ষয়-ক্ষতি নিদিয়াকৈ ম‍্যাদী পট্টাৰ মাটিত উচ্ছেদ চলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ সম্প্ৰসাৰিত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাজহ বিভাগে আনুষ্ঠানিকভাৱে অৰ্পণ কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে বিশ্বনাথতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীৰ ম্যাদী পট্টা নং ১ ৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে কাজিৰঙা আছটাই ৷ অভিযোগ মতে, যি সময়ত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিশ্বনাথ আৰু হালধিবাৰীৰ একাংশ লোকে ব্যৱসায় কৰি নিজৰ ওপৰিও আন দহজন অসমীয়াক পৰিয়াল পোহপাল দিয়াৰ লগতে জীৱন নিৰাপত্তা প্ৰদান কৰি আহিছে তেনে সময়তে একাংশ পৰিয়ালক বিভিন্ন অজুহাত দেখুৱাই ষড়যন্ত্ৰমূলকভাৱে উচ্ছেদ কৰিবলৈ উঠি পৰি লাগিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷

ইফালে গ্ৰীণ আচিয়ানা ধাবাই নিজৰ ম্যাদী পট্টাৰ ভূমি সংৰক্ষণৰ বাবে ২০০৭ চনতে এখন পকী দেৱাল নিৰ্মাণ কৰিছিল ৷ অভিযোগ অনুসৰি, এতিয়া সেই দেৱাল খনৰ ওপৰতো চকু পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷ অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ এটা দলে ১ নং হালধিবাৰীৰ গ্ৰীণ আছিয়ানা ধাবাৰ ম্যাদী পট্টাৰ ভূমিত প্ৰৱেশ কৰি বহু পৰিমাণৰ সা-সম্পত্তি নষ্ট কৰাৰ লগতে উক্ত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চমজাবলৈ হুংকাৰ দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আটছাই ৷ স্থানীয় দল সংগঠনৰ মতে, যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সন্মানমূলকভাৱে ভূমি বিচাৰে তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজে স-সন্মানেৰে দিবলৈ সাজু আছে; কিন্তু ন্যায়ালয়ে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি সকলো ক্ষয়-ক্ষতি ভুক্তভোগীক দিয়াৰ পাছতহে ৰাজহ বিভাগ বা বন বিভাগে উক্ত ভূমি উচেছদ কৰিব পাৰিব বুলি হুংকাৰ দিয়ে কাজিৰঙা আটছাই ৷

লগতে পঢ়ক: ৰাইজৰ সমৰ্থন দেখি মই অখিলৰ অভাৱ অনুভৱ কৰা নাই:প্ৰিয়দা গগৈ

Last Updated : Jan 9, 2021, 8:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.