ETV Bharat / state

জামুগুৰিহাটৰ চৰ-চাপৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰ-চাপৰিত বসবাস কৰা ৪৩০ ঘৰ সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানৰ বিয়লি সামৰণি পৰে

সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে
জামুগুৰিহাটৰ চৰ-চাপৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
author img

By

Published : Dec 6, 2019, 3:53 AM IST

চতিয়া, ৫ ডিচেম্বৰঃ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰ-চাপৰিত বসবাস কৰা ৪৩০ ঘৰ সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানৰ বিয়লি সামৰণি পৰে ৷ জামুগুৰিহাটৰ জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া লালেটাপু,দীঘলীচাপৰি,চকীঘাটকে ধৰি দহটাকৈ স্থানত যোৱা কিছুদিন ধৰি স্থানীয় মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত অন্য স্থানৰ পৰা আহি বসতি স্থাপন কৰিবলৈ লোৱা এইসকল সন্দেহজনক লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা চিনাক্ত কৰি উলিওৱাৰ পাছত উচ্ছেদ কৰা হয় ৷ উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে উক্ত অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হয় । বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ তত্ত্বাৱধানত বৃহস্পতিবাৰে ১৭ খন জে চি বি আৰু পাঁচটা হাতীৰ সহায়ত উচ্ছেদ চলোৱা হয় । অৱশ্যে, সন্দেহজনকভাৱে বসতি স্থাপন কৰা লোকসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰা হৈছিল ৷ মনকৰিবলগীয়া যে, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই লোকসকলক এই স্থান ত্যাগ কৰিবলৈ কিছুদিন পূৰ্বে হুংকাৰ প্ৰদান কৰাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল । ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সাংবাদিকক জানিবলৈ দিয়া মতে, চতিয়াৰ পিছত পৰ্যায়ক্ৰমে তেজপুৰ,বৰচলা,ঢেঁকিয়াজুলিকে ধৰি আন সমষ্টিটো এইদৰে সন্দেহজনক লোকক শীঘ্ৰে উচ্ছেদ কৰা হ’ব ৷

জামুগুৰিহাটৰ চৰ-চাপৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

লগতে চাওকঃমাজুলীত হাত কাটি ছাত্ৰৰ কেব বিৰোধী প্ৰতিবাদ

Intro:

চতিয়া, ৫ ডিচেম্বৰ : চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰচাপৰিত বসবাস কৰা ৪৩০ ঘৰ সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযানৰ বিয়লি সামৰণি ৷Body: শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং ৰ নেতৃত্বত দিনযোৰা চলা এই উচ্ছেদ অভিযান পুৱা সাত বজাত আৰম্ভ হৈ বিয়লিৰ ভাগত সামৰণি পেলোৱা হয়। জামুগুৰিহাটৰ জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া লালেটাপু, দীঘলীচাপৰি, চকীঘাটকে ধৰি দহটাকৈ স্থানত যোৱা কিছুদিন ধৰি স্থানীয় মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত অন্য স্থানৰ পৰা আহি বসতিস্থাপন কৰিবলৈ লোৱা এইসকল সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা চিনাক্ত কৰি উলিওৱাৰ পাছত আজি প্ৰশাসনে এইসকল লোকৰ ওপৰত উচ্ছেদ চলায়৷ অঞ্চলটোৰ চৰচাপৰিত সন্দেহজনক লোকৰ ওপৰত চলোৱা উচ্ছেদ অভিযানৰ আগমুৰ্হুত্বত উচ্ছেদিত স্থানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আজি পুৱাৰ পৰাই চৰচাপৰিত এই অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হয়।বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ তত্বাৱধানত আজি উচ্ছেদ চলোৱা উক্ত চৰচাপৰিত পুৱাৰ পৰাই সাতশ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে নিৰাপত্তাৰ দিশটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰক্ষাৰ মাজতে প্ৰশাসনে ১৭ খনকৈ জেচিবি আৰু পাঁচটা হাতীৰ সহায়ত সন্দেহজনক লোকৰ ঘৰত উচ্ছেদ চলায়। অৱশ্যে জামুগুৰিহাটৰ চৰচাপৰিত সন্দেহজনক ভাৱে বসতি কৰা লোকসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণৰ জৰিয়তে সেই স্থান ত্যাগ কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছিল যদিও সন্দেহজনক লোকসকলে এই স্থান ত্যাগ নকৰাৰ বাবেই আজি এই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয়। মনকৰিবলগীয়া যে জামুগুৰিহাটৰ চৰচাপৰিত বসবাস কৰা সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোক সকলক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই স্থান ত্যাগ কৰিবলৈ কিছুদিন পূৰ্বে হুংকাৰ প্ৰদান কৰাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। Conclusion:ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে আজি সাংবাদিকক জানিবলৈ দিয়া মতে চতিয়া সমষ্টিৰ পিছত এতিয়া পৰ্যায়ক্ৰমে তেজপুৰ, বৰছলা, ঢেকিঁয়াজুলিকে ধৰি আন সমষ্টিটো এইদৰে চৰচাপৰি অঞ্চলত সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ওপৰত শীঘ্ৰেই উচ্ছেদ অভিযান চলোৱা হ'ব বুলিও জানিবলৈ দিয়ে৷

Byte 1 - DC, SONITPUR
Byte 2 - SP, BISWANATH

PRANSANKAR BHUYAN
SOOTEA
ETV BHARAT (ASSAM)
5/12/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.