ETV Bharat / state

বিশ্বনাথ জিলা আৰক্ষীৰ অৰুণাচলী সুৰা বিৰোধী অভিযান - Biswanath District Police

গহপুৰ আৰক্ষীয়ে বিগত কেইবাদিন ধৰি চলোৱা অভিযানত প্ৰায় শতাধিক কাৰ্টুন অবৈধ সুৰা জব্দ কৰে । আনহাতে শোণিতপুৰ তথা বিশ্বনাথ জিলা আবকাৰী বিভাগে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে যিদৰে অভিযান চলোৱা পৰিলক্ষিত হ'ব লাগিছিল, সেয়া দেখা হোৱা নাই ৷

huge-consignment-of-arunachali-wine-seized-at-biswanath
বিশ্বনাথ জিলা আৰক্ষীৰ অৰুণাচলী সুৰা বিৰোধী অভিযান: মৌন আবকাৰী বিভাগ
author img

By

Published : Jun 29, 2021, 9:13 AM IST

বিশ্বনাথ, 29 জুন : ক’ৰোণাৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ যি সময়ত সামাজিক সচেতনতা আৰু সজাগতাৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে ঠিক সেই সময়তে একাংশ সুৰা মাফিয়াই অবৈধভাৱে সুৰা বেপাৰ কৰি সম্পূৰ্ণ ৰূপে কলুষিত কৰি তুলিছে সুস্থ সামাজিক পৰিৱেশ । মাহেকীয়া মাননি লৈ অৰুণাচলী সুৰা ব্যৱসায়ীসকলক অৰুণাচলী সুৰা বেচিবলৈ উৎসাহিত কৰি অহা গহপুৰ আবকাৰী বিভাগৰ কমিছন লোভী মনোভাৱৰ বাবেই ক’ৰণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো বিশ্বনাথ জিলাৰ বিভিন্ন আৰক্ষী থানা (Biswanath District Police)ই দৈনিক অভিযান চলাই উদ্ধাৰ কৰিছে কাৰ্টুনে কাৰ্টুনে অবৈধ অৰুণাচলী সুৰা ৷ কিন্তু ইয়াৰ বিপৰীতে মৌন ৰূপত দেখা গৈছে গহপুৰ আবকাৰী বিভাগক ৷

huge-consignment-of-arunachali-wine-seized-at-biswanath
বিশ্বনাথ জিলা আৰক্ষীৰ অৰুণাচলী সুৰা বিৰোধী অভিযান: মৌন আবকাৰী বিভাগ

গহপুৰ আৰক্ষী (Gohpur police)য়ে বিগত কেইবাদিন ধৰি চলোৱা অভিযানত প্ৰায় শতাধিক কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে পুনৰ দেওবাৰে গহপুৰ লেপেতাপাৰাৰ পৰা ৫৮ কাৰ্টুন অবৈধ সুৰা উদ্ধাৰ কৰে । গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰিসেশ্বৰ শইকীয়া নেতৃত্বত এটা দলে লেপেতাপাৰাৰ গাঁৱৰ পবন কাৰ্ডং নামৰ লোকজনৰ ঘৰত অভিযান চলাই এই সুৰাখিনি জব্দ কৰে ৷ অৱশ্যে আৰক্ষী অহা খবৰ পাই পবন কাৰ্ডঙে পলায়ন কৰে ।

উল্লেখ্য যে, পবন কাৰ্ডঙে দীৰ্ঘদিন ধৰি গহপুৰ মহকুমা একাংশ আবকাৰী বিষয়াক মাহিলি মাননি দি ৰমৰমীয়া অবৈধ অৰুণাচলী সুৰা বিক্ৰী কৰি আহিছিল ৷

কেৱল গহপুৰত মহকুমাতেই নহয়, সমগ্ৰ বিশ্বনাথ (Biswanath) জিলাতে এই অবৈধ অৰুণাচলী সুৰা দৈনিক সৰবৰাহ হোৱা পৰিলক্ষিত হৈছে ৷ শোণিতপুৰ তথা বিশ্বনাথ আবকাৰী আৰু গহপুৰৰ আবকাৰী বিষয়াসকলে এই অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে যিদৰে অভিযান চলোৱা পৰিলক্ষিত হ'ব লাগিছিল কিন্তু সেয়া দেখা হোৱা নাই ৷ বিশ্বনাথ জিলা আৰক্ষী (Biswanath District Police) অধীনস্থ বিহালী আৰক্ষী থানা, গহপুৰ আৰক্ষী থানা, ঘাহিগাঁও আৰক্ষী চকী, গহপুৰ মহকুমাত আৰক্ষীয়ে বিগত কেইবাদিন ধৰি চলোৱা অভিযানত এশৰো অধিক কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, দেওবাৰে আন এক অভিযানত ৰঙাপাৰা চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত চৌধুৰী আৰু বিশ্বনাথ জিলা চতিয়া চাৰ্কোলৰ সহপৰিদৰ্শক জয়ন্ত বৰা নেতৃত্বত এটা দলে দেওবাৰে পুৱা গহপুৰ হলংগি পৰা চিমেন্টৰ ট্ৰাকৰ ভিতৰত অনা প্ৰায় পাঁচ শতাধিক কাৰ্টুন অবৈধ সুৰা বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলা সীমা জীয়াভৰলীত জব্দ কৰিবলৈ সক্ষম হয় । এই কথাই স্পষ্ট প্ৰমাণ কৰিছে যে বিশ্বনাথ জিলা গহপুৰ হলংগি পৰা দৈনিক গাড়ীয়ে গাড়ীয়ে অবৈধ সুৰা সৰবৰাহ হৈছে । এতিয়া প্ৰশ্ন হয়, কেতিয়া এই অবৈধ সুৰা সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হ'ব আবকাৰী বিভাগ ৷

লগতে পঢ়ক : মঙলবাৰে দাখিল হ'ব উদালী কাণ্ডৰ CHARGE SHEET

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.