চতিয়া, 28 মাৰ্চঃ ৰাজ্যত লক ডাউনৰ সময়ছোৱাত যাতে চতিয়া সমষ্টিত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ'ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শনিবাৰে সমষ্টিটোৰ জামুগুৰিহাটৰ গেলামালৰ দোকান পৰিদৰ্শন কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে ৷ দোকানত খাদ্য সামগ্ৰী মজুত আছে নে নাই সেই সন্দৰ্ভত দোকানৰ গৰাকীৰ পৰা বুজ লোৱাৰ লগতে এই সংকটৰ সময়ত যাতে গ্ৰাহকৰ পৰা সামগ্ৰীৰ অত্যাধিক দাম নলয় তাৰ বাবে দোকানীসকলক সতৰ্ক কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়কঃ COVID-19: মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহায্য