গহপুৰ,29এপ্ৰিলঃ গহপুৰ হেলেমত পুত্ৰ সন্তানসহ নিৰুদ্দেশ মাতৃ ৷ গহপুৰ মহকুমা তথা বিশ্বনাথ জিলা হেলেম আৰক্ষী থানাৰ অন্তৰ্গত কাউৰীপথাৰৰ পৰা এগৰাকী মহিলা আৰু তেঁওৰ এটি তিনি বছৰীয়া পুত্ৰ সন্তান প্ৰায় ডেৰ মাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ যোৱা 3মাৰ্চ তাৰিখে বচন ছেত্ৰীৰ পত্নী সংগীতা ছেত্ৰীয়ে নিজ পুত্ৰ খগেন ছেত্ৰীক(3) লগত লৈ বজাৰ কৰিবলৈ ওলাই যোৱাৰে পৰা বৰ্তমানলৈকে ঘূৰি অহা নাই নিজ গৃহলৈ ৷ মাতৃগৃহৰ লগতে বিভিন্ন ঠাইৰ বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো শুংসূত্ৰ নাপাই হেলেম আৰক্ষী থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰে ৷
ৰহস্য জনক কথাটো হৈছে যে বিগত ডেৰ মাহে হেলেম আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ পৰিয়ালবৰ্গৰ মতে,কোনো দুষ্ট চক্ৰৰ বলি হৈছে মহিলাগৰাকী লগতে কোনোবাই হত্যা কৰিবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই ।যদি কোনোবা সদাশয় ব্যক্তিয়ে মহিলাগৰাকী আৰু সন্তানটোৰ কিবা খবৰ পাই তেন্তে, পৰিয়ালৰ 9402607327 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে ৷