ETV Bharat / state

মুল্যবৃদ্ধিৰ বিৰুদ্ধে গহপুৰত এ জে ৱাই চিপিৰ প্ৰতিবাদ - GOHPUR AJYCP PROTEST

বিশ্বনাথৰ গহপুৰৰ চন্দামাৰীত শুকুৰবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

মুল্যবৃদ্ধিৰ বিৰুদ্ধে গহপুৰত এ জে ৱাই চিপিৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 7:42 AM IST

বিশ্বনাথ,৬ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনসাধাৰণক। এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ বিৰুদ্ধে ।
আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গহপুৰ আঞ্চলিক আৰু পশ্চিম ছয়দুৱাৰ আঞ্চলিকৰ উদ্যোগত হেলেমৰ চন্দামাৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হায় হায়,মূল্য বৃদ্ধি ৰোধ কৰক,যোগান মন্ত্ৰী মুৰ্দাবাদ,মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে চন্দামাৰীৰ আকাশ বতাহ কঁপাই তোলে। উল্লেখ্য যে, ৰাজ্যজুৰি বৃদ্ধি হোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে ৷ বিশেষকৈ নিত্য ব্যৱহাৰ্য আলু,পিয়াজৰ অত্যধিক মুল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকৰ বাবে আজিৰ তাৰিখত আলু পিয়াজ খোৱাটো এতিয়া বিলাসিতালৈ পৰিণত হৈছে ৷

লগতে চাওকঃ বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.