ETV Bharat / state

Freedom fighter Gangaram Boruah: বিহালীৰ প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান

author img

By

Published : Jul 27, 2023, 11:00 AM IST

বিশিষ্ট স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান ৷ বুধবাৰে নিশা প্ৰায় 11.14 বজাত বিশ্বনাথ জিলাৰ ৰৌমাৰী গাওঁস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই ৷

Freedom fighter Gangaram Boruah Passes Away
স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান

বিশ্বনাথ, 27 জুলাই : ৰাজ্যৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱা আৰু নাই ৷ বুধবাৰে নিশা প্ৰায় 11.14 বজাত বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত, ৰৌমাৰী গাঁওস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই ৷ 1924 চনত জন্ম গ্ৰহণ কৰি বৃটিছ ঔপনিৱেশিক শাসক গোষ্ঠীৰ অপশাসন, লুণ্ঠন, অন্যায়, অবিচাৰৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল গংগাৰাম বৰুৱা ৷

Freedom fighter Gangaram Boruah
প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান

পঢ়াশালিৰ সৈতে গংগাৰাম বৰুৱা চিনাকী হোৱাৰ সময়তে দেশত স্বাধীনতাৰ সংগ্ৰাম তীব্ৰতৰ হৈ পৰিল ৷ দেশৰ প্ৰান্তে-প্ৰান্তে গঢ়লৈ উঠিল বৃটিছ খেদাৰ সংগ্ৰাম ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশত গঠন হ'ল -''মুক্তিবাহিনী'' ৷ সেই মুক্তিবাহিনীত স্বেচ্ছাসেৱক হিচাপে যোগ দিছিল মুক্তিযোদ্ধা গংগাৰাম বৰুৱাই ৷ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা যুঁজৰ এজন সেনানী আছিল গংগাৰাম বৰুৱা ৷

1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হ'ল ৷ স্বাধীন ভাৰতৰ নাগৰিক হিচাপে বিহালীৰ ৰৌমাৰীত চৰকাৰৰ তৰফৰ পৰা তেওঁ লাভ কৰিছিল ভূমি ৷ পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই বিশ্বনাথ ৰাজহ চক্ৰৰ অধীনৰ বটিয়ামাৰীৰ 7 খনকৈ ৰাজহ গাঁৱৰ গাঁওবুঢ়া হিচাবে প্ৰায় অৰ্ধ শতিকা দেশমাতৃৰ প্ৰতি সেৱা আগবঢ়াই 2022 চনৰ জুন মাহত অৱসৰ গ্ৰহণ কৰে ৷

চৰকাৰৰ তাম্ৰফলি প্ৰাপক স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্যিক মুক্তিযোদ্ধা পেঞ্চনো লাভ কৰিছিল ৷ বৃটিছ শাসকৰ বিৰুদ্ধে সংগ্ৰামত নমাৰ অপৰাধত কাৰাবাসো খাটিব লগা হৈছিল গংগাৰাম বৰুৱাই ৷ মুক্তিযোদ্ধা গংগাৰাম বৰুৱা দেৱক ৰাজ্যৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তই সম্বৰ্দ্ধনা পত্ৰৰে সন্মানিত কৰিছিল ৷ মৃত্যুৰ সময়ত গংগাৰাম বৰুৱাই পত্নী, তিনিজন পুত্ৰ, দুগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক : Minister Ranjeet Kumar Dass: খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.