ETV Bharat / state

গহপুৰত ছিঙো ছিঙো বহু মথাউৰি : পানীৰ তলত বহু গাঁও - বাঢ়নী পানী

মথাউৰি নিৰ্মাণৰ নামত অবাধ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । লোহিতমুখৰ পানীকচুৱা গাঁৱত এক অবৰ্ণনীয় পৰিস্থিতি পৰিলক্ষিত হৈছে । মানুহৰ লগতে জীৱ-জন্তুৰ একমাত্ৰ আশ্ৰয়স্থল হৈছে ওখ ঠাই ।

গহপুৰত ছিঙো ছিঙো বহু মাথাউৰি
author img

By

Published : Jul 11, 2019, 11:03 AM IST

বিশ্বনাথ, ১১ জুলাই : গহপুৰ মহকুমাত বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে । এফালে পাহাৰীয়া নৈ ব্ৰহ্মাজান, চত্ৰং, চেঁচা নৈৰ তাণ্ডৱ আনফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে ৰাইজৰ । বহু গাঁও পানী তলত থকাৰ লগতে বহু বান্ধ ছিঙি নিয়াৰ উপক্ৰম হৈছে গহপুৰ মহকুমাত ।

গহপুৰত ছিঙো ছিঙো বহু মাথাউৰি

বিশেষকৈ চত্ৰং নৈৰ জলস্তৰ কিছু অধিক হ’লেই গহপুৰ মহকুমাত ভয়ংকৰ বানৰ পৰিস্থিতি সৃষ্টি হোৱা সম্ভাৱনা আছে । গহপুৰ অঞ্চলৰ পিছলা, লোহিত মুখ, ৰাওনা মুখ, খাৰুপৰীয়া, বৰতামুলী, বাকৰি দলনি গাঁও পঞ্চায়ত এলেকাৰ লগতে গহপুৰ বহু অঞ্চলৰ লোক সকলৰ ঘৰ-বাৰী, খেতি পথাৰ পুনৰ বাঢ়নী পানীৰ কৱলত পৰিছে । ইপিনে লোহিতমুখৰ পানীকচুৱা গাঁৱত এক অবৰ্ণনীয় পৰিস্থিতি পৰিলক্ষিত হৈছে । মানুহৰ লগতে জীৱ-জন্তুৰ একমাত্ৰ আশ্ৰয় স্থল হৈছে ওখ ঠাই । একেদৰে ৰাওনা মুখ, কলিয়াপানী, কাৱৈআত্ৰি, চ’গুৰি, চৰাইবাৰী, থুটে চাপৰি, গোপাল জাৰণি, নাম চৰাইবাৰী, বাহিৰ চৰাইবাৰী, লৌগুটি, সাধু চাপৰি, বাকৰি দলনি আদি এলেকাৰ বহু ঘৰ- বাৰী পানীৰ তলত ডুব গৈছে । আনহাতে গহপুৰত বানপানী হলেও একাংশ ঠিকাদাৰৰ বাবে গহপুৰ খন সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে । কিয়নো একাংশ ঠিকাদৰৰ বান্ধ নিৰ্মাণৰ নামত ইখনৰ পাচত সিখন বিল বনাই ৰাজহুৱা ধন খৰছ কৰি ধনে লুন্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে এই ক্ষেত্ৰত অনুসূচিত জাতি ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে ।

Intro:as_biswanath_11_july_801_flood_ghopur_byte_vis_scrpt_as10018Body:as_biswanath_11_july_801_flood_ghopur_byte_vis_scrpt_as10018Conclusion:as_biswanath_11_july_801_flood_ghopur_byte_vis_scrpt_as10018

গহপুৰত ছিঙো ছিঙো বহু মাথাউৰি ডুবি গৈছে বহু গাঁও
কোটি কোটি টকা মাথাউৰি নিৰ্মাণত অবাদ দুৰ্নীতি

গহপুৰ মহকুমাত বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে।
এফালে পাহাৰীয়া নৈ ব্ৰহ্মাজান, চত্ৰং, চেঁচা নৈৰ তাণ্ডৱ আনফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে ৰাইজৰ।
বহু গাঁৱৰ পানী তলত থকা লগতে বহু বান্ধ ছিঙি নিয়াৰ উপক্ৰম হৈছে।

বিশেষকৈ চত্ৰং নৈ কিছু অধিক হলেই গহপুৰ মহকুমাত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হোৱা সম্ভাৱনা ।
বিশেষকৈ গহপুৰ অঞ্চলৰ বাবে অতি বিপদ জনক
পিছলা, লোহিত মুখ, ৰাওনা মুখ, খাৰুপৰীয়া, বৰতামুলী, বাকৰি দলনি গাঁও পঞ্চায়ত এলেকাৰ লগতে গহপুৰ বহু অঞ্চলত লোকৰ ঘৰ বাৰী, খেতি পথাৰ পুনৰ বাঢ়নী পানীৰ কবলত।
লোহিতমুখৰ পানীকচুৱা গাঁৱত এক অবৰ্ণনীয় পৰিস্থিতি। মানুহৰ লগতে গৰু ছাগলীৰ একমাত্ৰ আশ্ৰয় স্থল হৈছে ওখ ঠাই।সেইদৰে ৰাওনা মুখ, কলিয়াপানী, কাৱৈঅাত্ৰি, চ’গুৰি, চৰাইবাৰী, থুটে চাপৰি, গোপাল জাৰণি, নাম চৰাইবাৰী, বাহিৰচৰাইবাৰী, লৌগুটি, সাধু চাপৰি, বাকৰি দলনি আদি এলেকাৰ বহু ঘৰ- বাৰী পানীৰ তলত।

ইফালে এতিয়া গহপুৰত বানপানী হলেও সোণ কণী হাঁহৰলৈ পৰিণতি হয় একাংশ ঠিকাদাৰ বিষয়া কৰ্মচাৰী ।কাৰণ বান্ধ নিৰ্মাণ কৰে আৰু খহনীয়া জাহ যায় কাৰণ এক প্ৰকাৰ ঠিকাদাৰ বিষয়া কৰ্মচাৰী পকেটত গৰম কাৰণ ইখন পিছত সিখন বিল বনাই ৰাজহুৱা ধন খৰছ কৰা দেখুৱাই অধিকাংশ ধনেই লুষ্ঠন কৰা অভিযোগ উত্থাপিত হৈছে ।
এই ক্ষেত্ৰত অনুসুচীত জাতি ছাত্র সন্থা জাঙুৰ খাই উঠিছে গহপুৰত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.