ETV Bharat / state

Flood at Biswanath:বিশ্বনাথত বানৰ তাণ্ডৱ,এশ বিঘাতকৈ অধিক কৃষি ভূমি ক্ষতিগ্ৰস্ত - বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত বান

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বৰ্তমানেও ৰাজ্যৰ 11 জিলাৰ প্ৰায় 500 অধিক গাওঁ পানীৰ তলত ৷ অসম-অৰুণাচল সীমান্তৱৰ্তীটো বানৰ সংহাৰী ৰূপ ৷ এশ বিঘাতকৈও অধিক কৃষিভূমি হৈছে বিস্তৰ ক্ষতি ৷ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই ৷

Flood at Biswanath
বিশ্বনাথত বানৰ তাণ্ডৱ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:03 PM IST

বিশ্বনাথত বানৰ তাণ্ডৱ

বিশ্বনাথ, 28 আগষ্ট : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । ৰাজ্য কেইবাখনো জিলাৰ বিভিন্ন অঞ্চল ভদীয়া বানৰ কবলত । বৰ্তমানেও বানৰ বাবে ৰাজ্যৰ 11 জিলাৰ প্ৰায় 500 অধিক গাওঁ পানীৰ তলত আছে । ইফালে কেইবাদিনো ধৰি দিয়া ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে নদীসমূহৰ জলস্তৰ ৷ আনহাতে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত বানে লৈছে কালৰূপ ।

জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গাঁৱত বানৰ সংহাৰী ৰূপ ৷ অসমৰ লগতে অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে প্লাবিত হৈ পৰিছে বিশ্বনাথৰ 1 নং গজেন পথাৰ, মাইনাওশ্ৰী, কাৰ্বিব্লক-ক্ৰআৰং আৰু দেৰহাচাৰ গাঁও ৷ পাহাৰৰ পৰা নামি অহা পলসে পুতি পেলালে খেতিপথাৰ, চাহবাগিছা, তামোলবাৰী আদি ৷ প্ৰায় 50 টাতকৈ অধিক বাসগৃহত সোমাইছে পানী ৷ এশ বিঘাতকৈও অধিক কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্তই ৷ অভাৱ হৈছে আশ্ৰয় গৃহৰ ৷ এক অবৰ্ণনীয় পৰিৱেশ ৷

ইফালে কাৰ্বিব্লকৰ পৰা মাইনাওশ্ৰীলৈ যোৱা পথৰ ওপৰেদি ঠায়ে ঠায়ে বাগৰিছে পানী ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ প্ৰতিবাৰে বিধায়কে পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে নহ’ল এখন বাঁহৰ দলং ৷ এইদৰে আক্ষেপ প্ৰকাশ কৰিছে ৰাইজে ৷ ইফালে ওফন্দি উঠিছে কয়লাজুলি, পাভৈ নদী ৷ বানৰ বাবে পানীত হাঁহ নচৰা অৱস্থা বন্যাৰ্তৰ ৷ খাবলৈ নাই বিশুদ্ধ পানী, নাটনি হৈছে জীৱ-জন্তুৰ খাদ্যৰ ৷ কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ নাই ওমঘাম ৷

লগতে পঢ়ক:Biswanath Naharani river:বিধায়কে কলগছ পুতি দলং হ’ব বুলি কোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.