ETV Bharat / state

বিহালীৰ মোনাবাৰীত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Jun 1, 2021, 10:48 PM IST

বিহালীৰ মোনাবাৰী চাহ বাগিছাৰ নীমবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় এটা বাসগৃহ ৷

fire-breaks-out-in-bihali
বিহালীৰ মোনাবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

বিশ্বনাথ, 1 জুন: বিহালীৰ মোনাবাৰী চাহ বাগিছাৰ নীমবাৰীত মঙলবাৰে সন্ধিয়া সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ নীমবাৰীৰ চালিম আনছাৰী মালিক নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এডাল জ্বলন্ত ম’মৰ পৰা জুইৰ সুত্ৰপাত হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এই অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.