ETV Bharat / state

এনকাউন্টাৰত মৰাতকৈ নিজে নিজে ড্ৰাগছ এৰাই ভাল : নিচা মুক্তি কেন্দ্ৰত ভিৰ নিচাসক্ত যুৱকৰ - বিশ্বনাথত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান

বিশ্বনাথ আৰক্ষীৰ এনকাউন্টাৰৰ ভয়ত নিজে নিজে ড্ৰাগছ আসক্ত ভৰ্তি হৈছে নিচা মুক্তি কেন্দ্ৰত (Drug addict went for rehab in fear of police)। নিচা মুক্তি কেন্দ্ৰৰ যুৱকৰ অকপট স্বীকাৰোক্তি আৰক্ষীৰ এনকাউন্টাৰ হোৱাতকৈ নিচা মুক্তি কেন্দ্ৰত নিজকে সংশোধন কৰা ভাল ৷

drug-addict-went-for-rehab-in-fear-of-police-in-biswanath
এনকাউন্টাৰত মৰাতকৈ নিজে নিজে ড্ৰাগছ এৰাই ভাল : নিচা মুক্তি কেন্দ্ৰত ভিৰ আসক্ত যুৱকৰ
author img

By

Published : Jan 13, 2022, 10:18 PM IST

বিশ্বনাথ ১৩ জানুৱাৰী : বিশ্বনাথক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত বিশ্বনাথ জিলা আৰক্ষীয়ে ক্ৰমান্বয়ে অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । জিলা আৰক্ষীয়ে জিলাখনত ধাৰাবাহিকভাবে নিষিদ্ধ ড্ৰাগছ পেডলাৰ অথবা ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে (Biswanath police on anti drug mission)। জিলাখনৰ অন্তৰ্গত বিভিন্ন স্থানত গোপনে গঢ় লৈ উঠা অবৈধ ড্ৰাগছ, গাঞ্জা, মদ, জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Biswanath police against crime) ।

ইতিমধ্যে, বিশ্বনাথ জিলা আৰক্ষীয়ে অনৈতিক কাৰ্যকলাপ তথা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই তিনিজনকৈ লোকলৈ বুলি গুলীচালনা পৰ্যন্ত কৰিছে (Police shot drug mafia in Biswanath)। কিন্তু তাৰ মাজতে বিশ্বনাথত এক ড্ৰাগছ মুক্তি কেন্দ্ৰই জিলাখনৰ ড্ৰাগছ আসক্ত যুবকৰ বাবে সু খবৰ কঢ়িয়াই আনিছে । বিশ্বনাথ জিলা আৰক্ষীৰ সহযোগিতাত আজি এসপ্তাহ মান আগত গঢ় লৈ উঠা AWAKENING FOUNDATION নামৰ নিচা মুক্তি কেন্দ্ৰলৈ এতিয়া ড্ৰাগছ আসক্ত যুৱকৰ সোঁত বৈছে ।

এনকাউন্টাৰত মৰাতকৈ নিজে নিজে ড্ৰাগছ এৰাই ভাল : নিচা মুক্তি কেন্দ্ৰত ভিৰ আসক্ত যুৱকৰ

নিজে নিজে এতিয়া বিশ্বনাথৰ ড্ৰাগছ আসক্ত যুৱকে এই নিছা মুক্তি কেন্দ্ৰটোলে ঢাপলি মেলিবলৈ লৈছে (Drug addict went for rehab in fear of police) । বিশ্বনাথ জিলা আৰক্ষীও বহু ড্ৰাগছ আসক্ত যুৱকক ধৰি নিজকে সংশোধন কৰিবলৈ এই নিচা মুক্তি কেন্দ্ৰটোলে গতাই দিছে । তাৎপৰ্যপূৰ্ণ বিষয় যে, বিশ্বনাথ জিলা আৰক্ষীৰ ভয়ত এতিয়া জিলাখনৰ বহু ড্ৰাগছ আসক্ত যুৱক নিজে নিজে নিচা মুক্তি কেন্দ্ৰলৈ আহি নিজকে সংশোধন কৰাৰ চেষ্টা চলাইছে ।

বহু ড্ৰাগছ আসক্ত সন্তানৰ পিতৃ মাতৃয়েও এতিয়া নিজ সন্তানক বিশ্বনাথ আৰক্ষীৰ পৰা বচাবলৈ নিচা মুক্তি কেন্দ্ৰলৈ লৈ আহিছে । নিচা মুক্তি কেন্দ্ৰয়ো এই নিচাসক্ত যুৱক বোৰক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি কেনেকৈ নিচাৰ পৰা আঁতৰ কৰিব পাৰি এতিয়া তাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে সময়ত এতিয়া, আৰক্ষীৰ ভয়ত হ’লেও সন্তানে সঠিক পথৰ সন্ধান কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে পিতৃ-মাতৃ সকলে ৷

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈক কথাৰ বাঘ আখ্যা দি নিজকে কামৰ বাঘ বুলিলে যোগেন মহনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.