ETV Bharat / state

NHIDCL ৰ অদুৰদৰ্শিতাৰ বাবে বিপদত বিশ্বনাথবাসী - Biswanath News

Demand for diversion: এন এইচ আই ডি চি এলৰ অদূৰদৰ্শিতাৰ পৰিণতি । বিহালীৰ বাঘমাৰী চেণ্টাৰত ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে সৃষ্টি কৰিছে মৰণফান্দ । দুয়োপাৰৰ বিদ্যালয়-বেংক প্ৰতিষ্ঠান দৈনিক বজাৰলৈ যাতায়তৰ নাই সুবিধা । ডাইভাৰচন, পথৰ দাঁতিত ট্ৰেফিক পইণ্ট স্থাপনৰ দাবী ।

Demand for diversion and setting up of traffic points in Biswanath
NHIDCL ৰ অদুৰদৰ্শিতাৰ বাবে বিপদত বিশ্বনাথবাসী
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:35 AM IST

NHIDCL ৰ অদুৰদৰ্শিতাৰ বাবে বিপদত বিশ্বনাথবাসী

বিশ্বনাথ,৯ জানুৱাৰী: বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী চেণ্টাৰত ফ'ৰলেন যুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা তীব্ৰবেগী যান-বাহনৰ বাবে দেৰগাঁৱৰ দৰে শোকাবহ দুৰ্ঘটনাৰ আশংকা প্ৰকট হৈ পৰিছে । সমষ্টিটোৰ বৰগাং, বেদেতী আদি চেণ্টাৰৰ দৰেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দোকান-পোহাৰ, বিদ্যালয়, বেংক প্ৰতিষ্ঠান, তেল ডিপ’ আদি থকা বাঘমাৰী চেণ্টাৰটো শেহতীয়াকৈ ফ'ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথে দুভাগ কৰি দিয়াৰ ফলত স্থানীয় ৰাইজে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে ।

কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন এন এইচ আই ডি চি এলে চৰম অদুৰদৰ্শিতা আৰু দায়িত্বহীন পৰিকল্পনাৰে প্ৰস্তুত কৰা প্ৰাককলনৰ পৰিণতিত ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ল যদিও বাঘমাৰী চেণ্টাৰটোৰ দুয়োপাৰৰ স্থানীয় ৰাইজৰ বাবে আজিকোপতি সুচল যাতায়তৰ ব্যৱস্থা নহ'ল । ৰাষ্ট্ৰীয় ঘাইপথটোৰ দক্ষিণ দিশে থকা নিজবাঘমাৰী প্ৰাথমিক বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ ছাত্ৰীয়ে বাঘমাৰী চেণ্টাৰৰ পৰা প্ৰায় এক কিলোমিটাৰ পূব দিশে থকা ডাইভাৰচন পাৰ হৈ ঘুৰি অহাৰ লগতে বিদ্যালয়ৰ পৰা ঘৰলৈ ঘুৰি যোৱাৰ মুহুৰ্তত প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰত্বত পশ্চিম দিশে থকা ডাইভাৰচন পাৰ হৈ ঘুৰি আহিবলগীয়া হয় ।

বিষয়টো সন্দৰ্ভত বিশ্বনাথ জিলা প্ৰশাসনকো আবেদন জনাই ইয়াৰ এক ইতিবাচক ফলাফলৰ আশা প্ৰকাশ কৰে সচেতন মহলে । স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে বাঘমাৰী চেণ্টাৰত অনতি পলমে বিশ্বনাথ জিলা প্ৰশাসনৰ তৎপৰতাত ডাইভাৰচন আৰু ট্ৰেফিক পইণ্ট স্থাপন কৰিবলৈ এন এইচ আই ডি চি এল কৰ্তৃপক্ষক দাবী জনায় । কিয়নো ভৱিষ্যতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক: পথ সুৰক্ষা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.