ETV Bharat / state

বিশ্বনাথৰ উপায়ুক্তৰ চিকিৎসালয় পৰিদৰ্শন

author img

By

Published : May 24, 2021, 7:38 PM IST

বিশ্বনাথ জিলা উপায়ুক্তৰ ক’ভিড চিকিৎসালয় পৰিদৰ্শন ৷ ৰোগীৰ স্বাস্থ্য আৰু তেওঁলোকে লাভ কৰা সা-সুবিধাসমূহৰ বিষয়ে বুজ লয় উপায়ুক্ত গৰাকীয়ে ৷ কন্টেইনমেন্ট এলেকাসমূহৰ বাসিন্দা সকলক সাহাৰ্য সামগ্ৰী বিতৰণ কৰাতো নিশ্চিত কৰে প্ৰশাসনে ৷

dc make frequent visit to hospital
বিশ্বনাথৰ উপায়ুক্তৰ চিকিৎসালয় পৰিদৰ্শন

বিশ্বনাথ, 24 মে': যি সময়ত ৰাজ্য খনৰ মুখ্য মন্ত্ৰীয়ে নিশাৰ ভাগত ক’ভিড চিকিৎসালয়সমূহ পৰিদৰ্শন কৰাত গুৰুত্ব আৰোপ কৰিছে, তেনে সময়তে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই জিলাৰ বিভিন্ন প্ৰান্তৰৰ ক’ভিড চিকিৎসালয়সমূহ সঘনাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ আছে । জিলাখনৰ অন্যান্য প্ৰশাসনিক বিষয়া সকলোকো এনে ধৰণৰ নিয়মীয়া পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

শেহতীয়াভাৱে উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক ৰিপুল দাসৰ সৈতে পুৱতি নিশা তিনি বজাৰ পৰা জিলা খনৰ অতি কমেও পাঁচখন ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰে । প্ৰথম পদক্ষেপ হিচাপে তেখেতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় আকস্মিকভাৱে পৰিদৰ্শন কৰি কৰ্তব্যৰত চিকিৎসক সকলৰ সৈতে বাৰ্তালাপ কৰে ।

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়তে জিলাখনৰ সৰহ সংখ্যক ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে । উপায়ুক্ত গৰাকীয়ে ৰোগীসকলৰো স্বাস্থ্য আৰু তেওঁলোকে লাভ কৰা সা-সুবিধা সমূহৰ বিষয়েও অনুসন্ধান কৰে । ইয়াৰোপৰি বৰগাং আদৰ্শ চিকিৎসালয়, কলাবাৰী আদৰ্শ চিকিৎসালয়, চাৰিদুৱাৰৰ ক’ভিড চিকিৎসা কেন্দ্ৰ আৰু বালিচাং আদৰ্শ চিকিৎসালয়ৰো আকষ্মিক পৰিদৰ্শন কৰে উপায়ুক্ত গৰাকীয়ে ।

অন্যহাতে, জিলাখনৰ চাহ বাগিচাসমূহত দৈনিক ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় । জিলা প্ৰশাসনে সঘনাই বাগিচা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰি বাগিচা স্থিত ক’ভিড চিকিৎসা কেন্দ্ৰসমূহত থকা ৰোগীসকলৰ স্বাস্থ্যৰ খা-খবৰ লৈ আছে ।

তদুপৰি প্ৰশাসনে বাগিচাৰ কন্টেইনমেন্ট এলেকাসমূহতো সাহাৰ্যৰ ব্যৱস্থা কৰিছে । ইয়াৰ উপৰিও জিলাখনৰ অন্যান্য কন্টেইনমেন্ট এলেকাসমূহৰ বাসিন্দা সকল যাতে ক’ভিড পৰিস্থিতিত হাৰাশাস্তিৰ সন্মূখীন নহয় তাৰ বাবে সাহাৰ্য সামগ্ৰী বিতৰণ কৰাতো নিশ্চিত কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক : অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.