ETV Bharat / state

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান

শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান "শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান" চমুকৈ ডায়েটত অনুষ্ঠিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণাঢ্য অনুষ্ঠান ৷

author img

By

Published : May 11, 2019, 11:21 PM IST

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ উদযাপন সাংস্কৃতিক অনুষ্ঠান

বিশ্বনাথ,১১মে' : শুকুৰবাৰে শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান "শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান" চমুকৈ ডায়েটত অনুষ্ঠিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণাঢ্য অনুষ্ঠান । সামাজিক সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত তথা নৱবৰ্ষক আদৰণি জনোৱাৰ উদ্দেশ্যৰে অনুষ্ঠানখনৰ আয়োজন কৰা হয় । বিশ্বনাথৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ লৈ থকা অন্তিম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে ।

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ উদযাপন সাংস্কৃতিক অনুষ্ঠান

আনহাতে,প্ৰতিষ্ঠানখনে প্ৰতিবছৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিবলৈ এনেধৰণৰ ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে প্ৰতিষ্ঠানখনৰ কৰ্মকৰ্তাসকলে ।

as_bsw_diet_cultural_program_as10018

উখল মাখল পৰিৱেশ শোণিতপুৰ জিলা আৰু শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠাত 

V.O :- অবিভক্ত শোণিতপুৰ জি লাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান "শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান" চমুকৈ ডায়েটত অনুষ্ঠিত হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক'লা সংস্কৃতিৰ সফল সামৰণি ।

 ক্ষেত্ৰলৈ ৰূপান্তৰ হোৱা পৰিলক্ষিত হ'ল শোণিতপুৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠা ।১০ মেত দিনযোৰা   কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ল- সামাজিক সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ অসমত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠীৰ দ্বাৰা ভিন্ন ৰূপে নৱবৰ্ষক আদৰণি জনোৱাৰ প্ৰস্তুতি ।

প্ৰতিষ্ঠান খনত প্ৰশিক্ষণ লৈ থকা অন্তিম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ জনগোষ্ঠীয়ে কি দৰে নৱবৰ্ষক আদৰণি জনায়, সেয়া সুন্দৰকৈ উপস্থাপন কৰা পৰিলক্ষিত হয় । 

ইফালে, প্ৰতিষ্ঠান খনৰ জ্যেষ্ঠ প্ৰৱক্তা ৰীমা বৰাৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হোৱা অনুষ্ঠানত কাৰ্বি, মুচলমান, সোণোৱাল কছাৰী, বিহাৰী, নেপালী, বেঙ্গলী, মিছিং, বড়ো, অসমীয়া প্ৰশিক্ষাৰ্থী সকলে নিজৰ নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি লিখিত ৰূপে পূৰ্বে প্ৰস্তুত কৰা সাংস্কৃতিক কাৰ্যসূচী পাঠ কৰে । 

অনুষ্ঠানৰ শেষত, সকলো জনগোষ্ঠীয়ে একত্ৰিত হৈ সমুহীয়াকৈ হুঁচৰি ‌গোৱা দৃশ্যই সকলোকে আপ্লুত কৰে । 

অন্যহাতে, প্ৰতিষ্ঠান খনে প্ৰতিবছৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিবলৈ এনেধৰণৰ ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠা খনে ‌।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 

ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.