ETV Bharat / state

ক'ভিড প্ৰট’কল পালনেৰে ৰাজ্যত অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া

author img

By

Published : May 2, 2021, 12:42 PM IST

ৰাজ্যত আৰম্ভ হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ মুঠ 126 খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগণনা ৷ কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক'ভিড নীতি পালনৰ মাজেৰে অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া ৷

ক'ভিড প্ৰট'কল পালনেৰে ৰাজ্যত অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া

নিউজ ডেস্ক, 2 মে': দেওবাৰৰ ৰাতিপুৱা 8 বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ মুঠ 126 খন আসনৰ বাবে আৰম্ভ হোৱা ভোটগণনা প্ৰক্ৰিয়াত কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা হৈছে সম্পূৰ্ণ ক'ভিড নীতি ৷ নিৰ্বাচন আয়োগে ৰাজ্যত 331 টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰিছে য’ত 279 টা কেন্দ্ৰত ইভিএমসমূহৰ ভোট গণনা হৈছে ৷ অতিৰিক্ত 52 টা কেন্দ্ৰত প’ষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট, অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি 946 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে ইভিএমত ৷

ক'ভিড প্ৰট'কল মানি কটকটীয়া নিৰাপত্তাৰ মাজেৰে জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছে ভোটগণনা প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 47 টা, দ্বিতীয় পৰ্যায়ত 39 টা আৰু তৃতীয় পৰ্যায়ত 40 টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইভিএমত ৰাজ্যৰ ৰাজ্যৰ 2 কোটি 33 লাখ 74 হাজাৰ 87 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিছিল 946 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ কিন্তু এতিয়া সময় মাথো অপেক্ষাৰ ৷ কোনে শেষ হাঁহি ? কোনে দখল কৰিব দিছপুৰৰ গাদী ?

লগতে পঢ়ক: অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা: লাইভ আপডেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.