ETV Bharat / state

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিশ্বনাথত প্ৰাণ গ'ল ৰোগীৰ

author img

By

Published : Sep 14, 2020, 8:19 PM IST

বিশ্বনাথত স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে প্ৰাণ গ'ল এজন ক'ভিড ৰোগীৰ ৷ টেষ্ট কৰাব আহি ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হোৱাৰ বাবে প্ৰাণ গল লোকজনৰ ৷ ৰোগীজনৰ মৃত্যুৰ বাবে স্বাস্থ্য বিভাগক জগৰীয়া পৰিয়ালৰ ৷

Corona Patient Dead in Biswanath District
স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিশ্বনাথত প্ৰাণ গল ৰোগীৰ

বিশ্বনাথ, 14 ছেপ্তেম্বৰ : বিশ্বনাথৰ ক'ভিড চেণ্টাৰত স্বাস্থ্যকৰ্মীৰ হেমাহিৰ বাবেই এজন ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, বিহালীৰ মিজিকাজান চাহ বাগিছাৰ 12 নং লাইনৰ বৰ্জু নায়ক নামৰ ব্যক্তিজনৰ জ্বৰ হৈ থকাৰ বাবে দেওবাৰে পুৱা 7 বজাত পুত্ৰই আনিছিল বিশ্বনাথ চাৰিআলিৰ ক'ভিড চেণ্টাৰলৈ । কিন্তু 7 বজাতে আহি ক'ভিড চেণ্টাৰত উপস্থিত হোৱা ব্যক্তিজনক দিনৰ 10 বজালৈকে চিকিৎসাকৰ্মীয়ে পৰীক্ষা নকৰাৰ অভিযোগ পুত্ৰৰ ৷

বহু সময় ধৰি চিকিৎসাকৰ্মীয়ে ৰোগী গৰাকীক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে পুত্ৰই উপায়ন্তৰ হৈ ফোন কৰে সাংসদ পল্লৱ লোচন দাসক ৷ পৰৱৰ্তী সময়ত সাংসদ পল্লৱ লোচন দাসৰ ধমক খাই চিকিৎসাকৰ্মী সকল তৎপৰ হয় যদিও লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিশ্বনাথ ক'ভিড চেন্টাৰৰ নিচেই গাতে লাগি থকা বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ব্যক্তিজন বিনা চিকিৎসাই মৃত্যুবৰণ কৰে । যাৰ বাবে ভৰিৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ থকা ৰোগী গৰাকী চিকিৎসাকৰ্মীৰ হেমাহিৰ বাবে ৰোগীজনে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে, মৃত্যুৰ পিচত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ব্যক্তি গৰাকী ক'ভিড পজিটিভ বুলি চিনাক্ত হৈছে । ইফালে,মৃত্যুৰ পিচতো একাংশ লোকে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ 14 হাজাৰ টকা দাবী কৰাৰ অভিযোগ পুত্ৰ ৰংকু নায়কৰ ৷ লগতে, PPE কিটৰ বাবে 1000 টকা বিচৰা বুলিও পুত্ৰই অভিযোগ প্ৰদান কৰিছে ৷ উপায়ন্তৰ হৈ নিজেই PPE কিট নিপিন্ধাকৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লয় পুত্ৰই ৷

লগতে পঢ়ক : বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ, থাকিব ৱাৰেন্ট অবিহনেই গ্ৰেপ্তাৰৰ ক্ষমতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.