ETV Bharat / state

বিহালীত কৰ’ণা সন্দৰ্ভত সজাগতা সভা - আৰক্ষী চক্র পৰিদর্শক

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহালী থানা প্ৰাংগণত সজাগতা সভা ৷ সভাত উপস্থিত বিহালীৰ অন্তৰ্গত গাঁৱসমূহৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক ৷

বিহালীত গাঁওৰক্ষী বাহিনীক লৈ সজাগতা সভা
বিহালীত গাঁওৰক্ষী বাহিনীক লৈ সজাগতা সভা
author img

By

Published : May 4, 2021, 7:58 PM IST

বিহালী,4 মে': কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহালী থানাত এখন সজাগতা সভা আয়োজন কৰা হয় ৷ মঙলবাৰে অনুষ্ঠিত সভাখনত বিহালীৰ অন্তৰ্গত গাঁৱসমূহৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে ৷

বিহালী থানা কমিটিৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিহালী গাঁৱৰক্ষী বাহিনীৰ সম্পাদক দীপক প্রধানে ৷ সভাত আৰক্ষী চক্রৰ পৰিদর্শক ৰিষেশ্বৰ শইকীয়া, বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো, বৰগাং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া থানেশ্বৰ চুতীয়া উপস্থিত থাকি সজাগতামূলক বক্তব্য প্ৰদান কৰে ৷

বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়োৱে গাঁৱৰক্ষী বাহিনীসমূহৰ প্ৰতিগৰাকী সম্পাদকক বাহিৰৰ পৰা অহা লোকৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ তাৰোপৰি বিবাহ অনুষ্ঠানতো সামাজিক দুৰত্বৰ ক্ষেত্রত গুৰুত্ব দিয়া, মাস্কৰ ব্যৱহাৰ আদিৰ ওপৰতো চকু ৰাখিবলৈ আহ্বান জনায় ৷ একেখন সভাতে আৰক্ষী চক্র পৰিদর্শক গৰাকীয়ে গাঁৱৰক্ষী বাহিনীক নিজ এলেকাত ক’ভিড 19 ৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ভয়াৱহ দুৰ্যোগৰ দিশে অসমৰ চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.