বিশ্বনাথ, 25 মে': বিহালীত একাংশ যুৱকৰ মৰেল পুলিচগিৰি ৷ বিহালীৰ কেটেলা চাহ বাগিছাৰ চাঙবাংলাৰ সমীপত ৫ জনীয়া একাংশ যুৱকে কেটেলা চাহ বাগিছাৰ কাৰ্যালয়ৰ পৰা বিয়লি সাপ্তাহিক মজুৰি লৈ ঘৰ অভিমুখে যোৱা যুৱতী গৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা এক অভিযোগ উত্থাপন হয় ৷
স্থানীয় লোকে সদৰি কৰা মতে, উক্ত সময়ত যুৱতী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে ঘটনাৰ অন্যৰূপ দিৱলৈ উদ্যত হৈ যুৱতী গৰাকীক প্ৰচণ্ড মাৰপিট কৰে ৷ আনকি যুৱকৰ দলটোৱে যুৱতী গৰাকীক দলৱদ্ধভাৱে মাৰপিট কৰি ভিডিঅ' প্ৰস্তুত কৰি বিহালীত ৱাটচ আপযোগে ভাইৰেল কৰাৰো অভিযোগ উত্থাপন কৰে স্থানী লোকে ৷
অভিযোগ মতে, বিগত ২১ মে' তাৰিখ শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনাটো ৷ এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বিহালীত এক চাঞ্চল্য বিৰাজ কৰে ৷ ঘটনাটোৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে-লগে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই অনুসন্ধান চলাই বিহালী আৰক্ষীক অৱগত কৰে ৷
অভিযোগৰ ভিত্তিত অনুজ তাঁতি, নিৰেণ বাউৰী, অজিদা পাণ্ডে আৰু চামেল প্ৰজাক নমাৰ চাৰিজন যুৱকক আটক কৰে বিহালী আৰক্ষীয়ে ৷ আনহাতে,ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বিহালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ