বিশ্বনাথ,14 ফেব্ৰুৱাৰীঃ আপুনি অৰ্থনৈতিকভাৱে স্বচ্ছল,আপোনাৰ সকলো আছে প্ৰয়োজন অনুসৰি,কিন্তু আপোনাৰ মোৰ দৰে সকলো নথকা একাংশ লোকো জীয়াই আছে আমাৰ চৌপাশে৷ কিন্তু এই লোকসকলৰ কথা কোনে চিন্তা কৰিছে ? ব্যস্ততাৰ পৃথিৱীত তেওঁলোক আজি নিসঃহায় ৷ তেওঁলোকক চাবলৈ,এষাৰি মাত দিবলৈ কোনো নাই ৷

বিশ্বনাথ চাৰিআলিৰ পৰা 61 কিলোমিটাৰ অতিক্ৰম কৰিলেই পোৱা যায় গহপুৰ চহৰ ৷ এই গহপুৰৰ চহৰৰ আছে ঐতিহাসিক গুৰুত্ব ৷ শ্বহীদ মুকুন্দ কাকতি,কনকলতাৰ পৰা প্ৰথম অসমীয়া ছবি নিৰ্মাতা জ্যোতি প্ৰসাদ আগৰৱালালৈকে বহু স্মৃতিৰে ভৰপূৰ গহপুৰৰ ইতিহাস ৷ আমি আপোনালোকক চিনাকী কৰাই দিম এজন বিশেষ ব্যক্তিৰ সৈতে,যিজন ব্যক্তিয়ে সমাজৰ হকে কাম কৰি আহিছে নীৰৱে ৷ যি গৰাকী ব্যক্তি গহপুৰত সমাজৰত্ন আৰু গৰীৱৰ বন্ধু হিচাপে পৰিচিত ৷ সমাজৰ হকে বহু উন্নয়নমূলক কাম কৰি ৰাইজৰ মাজত প্ৰশংসা বুটলাই নহয় ব্যক্তি গৰাকীয়ে কৰিছে বহু গুৰুত্বপূৰ্ণ কাম ৷ ৰাইজৰ প্ৰতি থকা সামাজকি দায়বদ্ধতাৰ চিনস্বৰূপে গোপাল শইকীয়াই সৰ্বসাধাৰণৰ বাবে নিজৰ ম্যাদী পট্টাৰ 7 কঠা মাটি দান কৰি নিৰ্মাণ কৰি দিছে টঙনা গাৱঁৰ পৰা চতিয়াল গাঁও হৈ গহপুৰ চহৰলৈ যোৱা এটা পথ ৷
অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে বন্ধু হিচপে পৰিচিত গোপাল শইকীয়াই সৰুৰে পৰাই ব্ৰতী হৈ আহিছে সামাজিক কাম কাজত৷ দৰিদ্ৰ লোকৰ প্ৰতি সহায় আগবঢ়োৱা গোপাল শইকীয়াই এই পৰ্যন্ত নিৰ্মাণ কৰি দিছে বহু লোকৰ ঘৰ,খোৱাপানীৰ বাবে দমকল স্থাপন, দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়াৰ খৰচ প্ৰদান কৰা,দুখীয়া কৃষকক সহায় আগবঢ়োৱা আদি বিভিন্ন উন্নয়নমূলক কাম ৷

আমি বিচাৰিছো উলিয়াইছো সেইসকল লোকক যি সকলে নিঃস্বাৰ্থভাৱে সমাজৰ হকে কাম কৰি গৈছে নীৰৱে৷ গহপুৰৰ বহু লোকক বন্ধকীত থকা মাটি মুকলি কৰাৰ পৰা ছত্ৰং নৈৰ পাৰ খন্দোৱালৈকে সকলোতে আগভাগ লোৱা সমাজৰত্ন গোপাল শইকীয়াৰ কথা অঞ্চলটোত সৰ্বজনবিদিত ৷ ভৰ বাৰিষা উগ্ৰমূৰ্তি ধৰি ওফন্দি অহা গহপুৰ নগৰৰ মাজৰে বৈ যোৱা ছত্ৰং নৈৰ দুয়োপাৰ নিজা প্ৰচেষ্টাৰে খনন কৰাৰ ফলত বানৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিছে বৃহত্তৰ গহপুৰ নগৰৰ লগতে বহু অঞ্চল ৷ নিজৰ গাঠিৰ ধন খৰচ কৰি সমাজৰ কাম কৰা গোপাল শইকীয়াই এসময়ত সশস্ত্ৰ পন্থা গ্ৰহণ কৰি উগ্ৰপন্থীলৈ গতি কৰা বহু যুৱকক মূলসূতিলৈ ঘূৰি অহাৰ পিচত সংস্থাপনৰ বাট দেখুৱাৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত বৃক্ষৰোপণেৰে আদৰ্শত দেখুৱাই গৈছে৷

সমাজৰ লগত জড়িত হৈ দৰিদ্ৰ লোকক সহায় কৰাৰ বাবে গোপাল শইকীয়াই ২০১৪ চনৰ ৯ আগষ্টত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমাজ ৰত্ন বঁটা লাভ কৰে ৷ একেদৰে ২০১৫ গুৱাহাটীত ৰামধেনু গোষ্ঠীয়ে কৰ্মসাধনা বঁটা প্ৰদান কৰে এইগৰাকী ব্যক্তিক ৷ আনহাতে গোপাল শইকীয়াই নিজা মাটি দান কৰি নিৰ্মাণ কৰা পথটোৰে যাতায়াত কৰাৰ ফলত কেবাখনো গাঁৱৰ ৰাইজ উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হৈছে৷ উল্লেখ্য যে,গৰীৱৰ বন্ধু হিচাপে পৰিচিত গোপাল শইকীয়া আৰু বহুতো সামাজিক কামত ওতপ্ৰোতভাৱে জড়ি হৈ আহিছে ৷ সমাজত এনে বহু ব্যক্তি আছে যি নীৰৱে সমাজৰ হকে কাম কৰি গৈছে ৷ নিজৰ উপাৰ্জনৰ এটা অংশৰে দৰিদ্ৰ লোকক সহায় কৰাৰ লগতে ৰাজহুৱা জীৱনত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এইসকল লোকৰ কৰ্মই অনুপ্ৰাণিত কৰি আহিছে সকলোকে ৷

লগতে চাওকঃ