ETV Bharat / state

বিশ্বনাথৰ পেট্ৰ’ল ডিপোত উত্তপ্ত পৰিস্থিতি

বিশ্বনাথৰ Sundaram Mahadeu Petrol ডিপোত ১০০ টকাৰ পেট্ৰ’ল ভৰোৱাৰ পিছতেই অচল হৈ পৰে মটৰ চাইকেলখন ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

author img

By

Published : Sep 11, 2020, 6:53 PM IST

biswanath Sundaram mahadeo petrol pump
বিশ্বনাথৰ পেট্ৰ’ল ডিপোত উত্তপ্ত পৰিস্থিতি

বিশ্বনাথ, ১১ ছেপ্টেম্বৰঃ শুকুৰবাৰে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত অৱস্থিত এটা পেট্ৰ’ল ডিপোত হঠাৎ এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰা দেখা গ'ল । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এজন বাইক আৰোহীয়ে Sundaram Mahadeu Petrol ডিপোট ১০০ টকাৰ পেট্ৰ’ল ভৰোৱাৰ পিছতেই অচল হৈ পৰে মটৰ চাইকেলখন ৷ তাৰ পিছতেই বাইক আৰোহী গৰাকীয়ে পেট্ৰ’ল ডিপোত গৈ অভিযোগ কৰাত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । ভুক্তভোগীৰ অভিযোগ অনুসৰি বুধবাৰে আৰু বৃহস্পতিবাৰে দুদিন ধৰি উক্ত পেট্ৰ’ল ডিপোটোত তেল ভৰাই আছিল আৰু অন্য দিনাৰ দৰে বৃহস্পতিবাৰেও তেল ভৰোৱাৰ পিছতেই মটৰ চাইকেলখন অচল হৈ পৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

অৱশেষত ঘটনাস্থলীত বিশ্বনাথ চাৰিআলি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ লগতে বিশ্বনাথ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তিনিজন কৈ বিষয়া উপস্থিত হৈ ডিপোটোৰ পৰা তেল পৰীক্ষণৰ বাবে নমুনা সংগ্ৰহ কৰি ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰি উচিত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় ৷

লগতে পঢ়কঃ বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.