ETV Bharat / state

বৰগাংত নিমখ খুৱাই নিজ সন্তানক হত্যা মাতৃৰ - Mina Gowala

অবৈধ সম্পৰ্কৰ কৰুণ পৰিণতি ৷ নিজে জন্ম দিয়া সন্তানক নিজ হাতেৰে হত্যা কৰিলে পাষাণ মাতৃয়ে ৷

বৰগাংত নিমখ খুৱাই নিজ সন্তানক হত্যা মাতৃৰ
author img

By

Published : Aug 5, 2019, 9:39 PM IST

বিহালী, 5 আগষ্ট : এগৰাকী মাতৃ কিমান নিৰ্দয় হব পাৰে? কিমান নিষ্ঠুৰ হ'লে নিজে জন্ম দিয়া সন্তানক হত্যা কৰিব পাৰে? নিৰ্দয়তাৰ সকলো সীমা চেৰাই বিহালীৰ বৰগাং মৰাণ গাঁৱৰ মিনা গোৱালা নামৰ এগৰাকী মাতৃয়ে হত্যা কৰিলে নিজ সদ্যোজাত সন্তানক ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত নিজ মাতৃৰ সৈতে মিলি নিমখ খুৱাই মুখত কাপোৰেৰে সোপা দি মিনুৱে নিষ্ঠুৰভাৱে হত্যা নিজ ল'ৰা সন্তানক ৷ অভিযোগ অনুসৰি বহু পুৰুষৰ সৈতে থকা অবৈধ প্ৰেমৰ পৰিণতি স্বৰূপেই গৰ্ভৱতী হৈছিল মহিলা গৰাকী ৷ অৱশেষত নিজৰ কলংকৰ ভাৰ ল'ব নোৱাৰি 9 মাহ 9 দিন নিজ গৰ্ভত ৰখা সন্তানকে হত্যা কৰে পাষাণ মাতৃগৰাকীয়ে ৷

বৰগাংত নিমখ খুৱাই নিজ সন্তানক হত্যা মাতৃৰ

ইফালে হৃদয়বিদাৰক ঘটনাটো সংঘটিত কৰি মাতৃসহ গাঁৱৰ পৰা পলায়ন কৰে হত্যাকাৰী পাষাণ মিনা গোৱালাই ৷ সোমবাৰে ঘটনাটো পোহৰলৈ অহাত ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে পাষাণ মাতৃ আৰু দেৱ শিশু হত্যাকাৰী আইতাকৰ ঠিকনাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

Intro:AS_BISWANATH _BORGANG KANDO_803_VIS_SCrPt_byte_as10018

Body:AS_BISWANATH _BORGANG KANDO_803_VIS_SCrPt_byte_as10018

Conclusion:AS_BISWANATH _BORGANG KANDO_803_VIS_SCrPt_byte_as10018

বিশ্বনাথত জঘন্য কাণ্ড : পাষাণ মাতৃয়ে নিজ মাতৃৰ সৈতে মিলি হত্যা কৰিলে নিজ সদ্যোজাত শিশুক : ঘটনা সংঘটিত কৰি পলাতক মাক জীয়েক

ANCKOR :- কিমান নিৰ্দয় হলে এগৰাকী মাতৃয়ে হত্যা কৰিব পাৰে নিজ গৰ্ভৰ সদ্যোজাত শিশুক ৷ অবৈধ পৰিণতিত গৰ্ভধাৰণ কৰা এগৰাকী নাৰীয়ে নিজৰ কলংক মোছনৰ বাবে কিমান নিকৃষ্ট পন্থা অৱলম্বন কৰিব পাৰে ? নিজ গৰ্ভত দহমাহ দহদিন নিজ গৰ্ভত পালন পোষণ কৰি জন্ম দিয়া সন্তানটি নিজ হাতে হত্যা কৰাৰ দৰে নিকৃষ্ট পন্থা অবলম্বন কৰিব পাৰে ? আধুনিক সভ্য সমাজৰ এগৰাকী পাষাণ হৃদয়ৰ মাতৃৰ হাতত অপমৃত্যু এটি দেৱ শিশুৰ৷ পাষাণ মাতৃৰ লজ্জা নিবাৰণৰ বাবে ওপজিয়েই অপমৃত্যুক সাৱতি ল'ৱ লগা হয় এটি দেৱ শিশুয়ে৷
V.O :- এক বিংশ শতিকাৰ চূড়ান্ত অমানৱীয় হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় বিশ্বনাথ বিহালীৰ দক্ষিণ মৰাণ গাওঁত ৷ বিহালীৰ বৰগাং মৰাণ গাওঁত এক অবৈধ প্ৰেমৰ পৰিণতি সংঘটিত হয় সভ্য সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড ৷ নিজ জন্মদাত্ৰী মাতৃ আৰু আইতাকৰ নিষ্ঠুৰ মানৱতাহীন হাতত মৃত্যু হয় সদ্যোজাত দেৱ শিশু৷ অভিযোগমতে, নিমখ খুৱাই মুখত কাপোৰেৰে সোপা দি মাক আৰু আইতাকে নিষ্ঠুৰভাৱে হত্যাকৰিলে ল'ৰা সন্তানটিক ৷ ইফালে দেৱ শিশুটোক হত্যা কৰি মাক মিনা গোৱালা আৰু আইতাক শান্তি গোৱালাই পলায়ন কৰিছে৷ যোৱা দেওবাৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত জঘন্য কাণ্ডটো সংঘটিত হৈছিল যদিও আজিহে পোহৰলৈ আহে ৷ ইতিমধ্যে বিহালীৰ বৰগাং আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি পাষাণ মাতৃ আৰু দেৱ শিশু হত্যাকাৰী আইতাকৰ ঠিকনাৰ সন্ধান অব্যাহত ৰাখিছে ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.