ETV Bharat / state

কাৰ অৱহেলাৰ বাবে মৃতপ্ৰায় হ’ল ৰামপুৰ উপ-স্বাস্থ্যকেন্দ্ৰ ?

২০১৪ চনতে নিৰ্মাণ হৈছিল ৰামপুৰ উপ স্বাস্থ্য কেন্দ্ৰখন । কিন্তু বৰ্তমান অতি দুখলগা ছবি স্বাস্থ্যকেন্দ্ৰখনৰ । জৰাজীৰ্ণ অৱস্থাত আছে এতিয়া এই স্বাস্থ্য কেন্দ্ৰখন । দীৰ্ঘদিন ধৰি তাত নাই স্বাস্থ্য কৰ্মী ।

health sub centre
বিশ্বনাথ জিলাৰ এখন স্বাস্থ্য সেৱাৰ পঁয়ালগা ছবি
author img

By

Published : Aug 8, 2021, 4:46 PM IST

বিশ্বনাথ, ৮ আগষ্ট : স্বাস্থ্য, শিক্ষা,উদ্যোগ আদি সকলো দিশতে উন্নয়নৰ প্ৰতিশ্ৰুতিৰে অসমত একেৰাহে দুবাৰকৈ চৰকাৰ গঠন কৰিলে বিজেপিয়ে । কিন্তু সকলো দিশতে কিমান উন্নয়ন হৈছে ? বাকী খণ্ডৰ কথা বাদ দিলেও বিশেষকৈ স্বাস্থ্যখণ্ডত অসমৰ প্ৰতিটো অঞ্চলতে উন্নয়ন হৈছে নে ? পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী হ'ল ।

কিন্তু এতিয়াও বহু স্থানত পঁয়ালগা অৱস্থাতে আছে স্বাস্থ্য সেৱা । আনকি বহু স্থানত নাই এখনো স্বাস্থ্য কেন্দ্ৰ । কিছুমান ঠাইত থাকিলেও তাত নাথাকে চিকিৎসক, স্বাস্থ্যকৰ্মী ।

অসমৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো আছে তেনে এখন স্বাস্থ্য কেন্দ্ৰ । বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্ত অঞ্চলত থকা স্বাস্থ্য কেন্দ্ৰখনৰ পঁয়া লগা ছবিয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে । ২০১৪ চনতে নিৰ্মাণ হৈছিল ৰামপুৰ উপ স্বাস্থ্য কেন্দ্ৰখন । কিন্তু বৰ্তমান অতি দুখলগা ছবি স্বাস্থ্যকেন্দ্ৰখনৰ ।

বিশ্বনাথ জিলাৰ এখন স্বাস্থ্য সেৱাৰ পঁয়ালগা ছবি

জৰাজীৰ্ণ অৱস্থাত আছে এতিয়া এই স্বাস্থ্য কেন্দ্ৰখন । উপ স্বাস্থ্য কেন্দ্ৰখনৰ চাৰিওফালে এতিয়া বিশাল হাবি । কিন্তু দীৰ্ঘদিন ধৰি তাত নাই স্বাস্থ্য কৰ্মী । ফলত বৃহত্তৰ বিহালী সমষ্টিৰ ৰামপুৰ অঞ্চলটোৰ অসম অৰুণাচল সীমান্তৰ ৰামপুৰ, বগৰিসূঁতি আদি অঞ্চলৰ ৰাইজে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

ক'ভিড পৰিস্থিতিৰ (Covid situation) মাজতো সেই অঞ্চলৰ ৰাইজে পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । ২০১৪ চনতে নিৰ্মাণ হোৱা স্বাস্থ্যকেন্দ্ৰখনৰ কোনো উন্নতি নোহোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ লগতে বিভিন্ন দল সংগঠন । চৰকাৰ তথা স্বাস্থ্য বিভাগৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডকলৈ ক্ষোভ উজাৰিছে সংগ্ৰামী যুৱ ছাত্র পৰিষদই ।

সংগঠনটোৰ সদস্য মিন্টু বৰাৰ মতে অঞ্চলটোৰ ৰাইজে বৰগাং আদৰ্শ চিকিৎসালয়ৰ লগতে দূৰ-দূৰণিলৈ বাটকুৰি বাই চিকিৎসাৰ বাবে যাবলগীয়া হৈছে । এই সন্দৰ্ভত স্বাস্থ্য বিভাগ তথা চৰকাৰক বহুবাৰ অৱগত কৰা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে । সেয়ে অতি শীঘ্ৰে ৰাইজৰ এই সমস্যা দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সদস্যগৰাকীয়ে ।

লগতে পঢ়ক:চিকিৎসাকৰ্মীক শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰি পাঁচজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.