ETV Bharat / state

বিশ্বনাথত বন্যহস্তীৰ উপদ্ৰৱ:কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ - উপদ্ৰৱ

বিশ্বনাথৰ বিহালী সমষ্টিৰ হাতীবন্ধা গাওঁ, ৰাংচালী গাঁৱত নিশা বন্যহস্তীৰ সন্ত্ৰাস, কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ

বিশ্বনাথত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Aug 18, 2019, 3:06 PM IST

বিশ্বনাথ, 18 আগষ্টঃ সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ‌ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰে সন্ত্ৰাস চলাই অহাৰ সমান্তৰাল ভাৱে বিশ্বনাথতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। ইতিমধ্যে, বিশ্বনাথত বিগত কিছুদিন ধৰি কেইবা ঠাইটো বন্যহস্তীয়ে মানুহৰ বাসস্থান অনিষ্ট কৰি, খেতিপথাৰ ধ্বংস কৰি আহিছে।

বিশ্বনাথত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

আন দিনাৰ দৰে পুৱতি নিশা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ এটি বাসগৃহত পৰিয়ালটো শুই থকা অৱস্থাতেই অতৰ্কিতে বন্য হস্তীয়ে আক্ৰমণ চলায় ‌। যাৰ ফলত ঘৰৰ দেৱাল ভঙি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ শিশু সহ অন্যান্য সদস্যসকলৰ ৷ ইফালে হাতীয়ে বাসগৃহটোৰ ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা খাদ্য সামগ্ৰীৰো অনিষ্ট সাধন কৰে।

লগতে, বিহালীৰ ৰাংচালী গাঁৱতো বন্যহস্তীয়ে সন্ত্ৰাস চলাই দৰিদ্ৰ কৃষকৰ খেতি পথাৰৰ অনিষ্ট সাধন কৰিছে ৷

Intro:as_biswanath_ elephant_attack_801_18_aug_vis_byte_scrpt_as10018
Body:as_biswanath_ elephant_attack_801_18_aug_vis_byte_scrpt_as10018
Conclusion:as_biswanath_ elephant_attack_801_18_aug_vis_byte_scrpt_as10018

বিশ্বনাথত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস, কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ

V.O :-

সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ‌ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰে সন্ত্ৰাস চলাই অহাৰ সমান্তৰাল ভাৱে বিশ্বনাথতো
অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।

ইতিমধ্যে,
বিশ্বনাথৰ
বিহালী সমষ্টিত বিগত কিছুদিন ধৰি কেইবা ঠাইটো বন্যহস্তীয়ে মানুহৰ বাস্থান অনিষ্ট কৰি, খেতিপথাৰ ধ্বংস কৰি আহিছে যদিও বন বিভাগে কোনো সবল ভুমিকা নকৰা টো দীৰ্ঘদিনীয়া অভিযোগ ।
আন দিনাৰ দৰে পুৱতি নিশা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীবন্ধা গাওঁৰ এটি বাসগৃহত পৰিয়ালটো শুই থকা অৱস্থাতে অতৰ্কিতে বন্য হস্তীয়ে আক্ৰমণ কৰে ‌। ইফালে, ঘৰৰ দেৱাল ভঙাত কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ শিশু সহ অন্যান্য সদস্যসকলৰ । যদিও হাতীয়ে বাসগৃহটোৰ ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা খাদ্য সামগ্ৰীৰো অনিষ্ট সাধন কৰে । ইফালে, বিহালীৰ ৰাংচালী গাওঁতো বন্যহস্তীয়ে সন্ত্ৰাস চলাই অনিষ্ট কৰিছে দৰিদ্ৰ কৃষকৰ খেতি পথাৰ । প্ৰশ্ন হয়, দীৰ্ঘদিনীয়া সমস্যাটো ৰোধ কৰাত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে বনবিভাগ কিম্বা প্ৰশাসন । বনবিভাগে সক্ষম হ'ব নে হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ, সেয়া অনাগত দিনত হে লক্ষ্যনীয় হ'ব ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.