ETV Bharat / state

বিশ্বনাথ জিলা উন্নয়নৰ সমিতিৰ পৰ্যালোচনা বৈঠক

বিশ্বনাথ জিলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সহযোগিতাৰে কাম কৰিবলৈ আহ্বান উপায়ুক্তৰ ৷ বিশ্বনাথ জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন ৷

author img

By

Published : Jan 9, 2020, 1:30 AM IST

Biswanath district develope comitee meeting
বিশ্বনাথ জিলা উন্নয়নৰ সমিতিৰ পৰ্যালোচনা বৈঠক

বিশ্বনাথ, 8 জানুৱাৰীঃ বুধবাৰে বিশ্বনাথ জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সহযোগিতাৰে কাম কৰিবলৈ আহ্বান উপায়ুক্তৰ ৷ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ সম্পৰ্কত পৰ্যালোচনা কৰা হয় ৷ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৰ্ম বিভাগসমূহৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকলৰ পৰা সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। বিভিন্ন বিভাগৰ আধৰুৱা হৈ থকা আঁচনিসমূহৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লবলৈ সংশ্লিষ্ট বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে বৈঠকত বিভাগীয় বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা উপায়ুক্তক অৱগত কৰে। আন্তঃবিভাগীয় আলোচনা তথা সমন্বয় ৰক্ষাৰে এই বিষয়সমূহৰ ক্ষেত্ৰত সমাধান সূত্ৰ উলিয়াই আঁচনিসমূহৰ ৰূপায়ণ অব্যাহত ৰখাৰ ওপৰত উপায়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ইয়াৰোপৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ অতি সোনকালে অন্ত পৰিব বুলি আশা ব্যক্ত কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সক্ৰিয়ভাৱে আৰু সহযোগিতাৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। এই বৈঠকত উপায়ুক্তগৰাকীৰ লগতে জিলাখনৰ সহকাৰী আয়ুক্তসকল আৰু জনস্বাস্থ্য কাৰিকৰী, শ্ৰম, মীন, স্বাস্থ্য, শিক্ষা, পশুপালন আৰু পশুচিকিৎসা, জলসিঞ্চন, ৰেচম, কৃষি, গড়কাপ্টানী (পথ), গড়কাপ্টানী (গৃহ), জলসম্পদ, বন, সামাজিক বনানীকৰণ, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, বৈধ জোখ-মাপ আদি প্ৰায়বোৰ বিভাগৰে জিলাৰ মূৰব্বী বিষয়াসকল তথা উপায়ুক্তৰ কাৰ্যালয়ৰ ৰূপান্তৰ আৰু উন্নয়ন শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

আৰু পঢ়কঃডিফুত উন্মোচন 11খনকৈ গ্ৰন্থ

Intro:as_biswanath_801_8_j_dc_ office_press_list_scrpt_as10018
Body:as_biswanath_801_8_j_dc_ office_press_list_scrpt_as10018
Conclusion:as_biswanath_801_8_j_dc_ office_press_list_scrpt_as10018

জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন

বিশ্বনাথ জিলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সহযোগিতাৰে কাম কৰিবলৈ আহ্বান উপায়ুক্তৰ

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনত বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ পৰ্যালোচনা কৰা হয়। উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৰ্ম বিভাগসমূহৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকলৰ পৰা সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। বিভিন্ন বিভাগৰ আধৰুৱা হৈ থকা আঁচনিসমূহৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লবলৈ সংশ্লিষ্ট বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। বৈঠকত বিভাগীয় বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা উপায়ুক্তক অৱগত কৰে। আন্তঃবিভাগীয় আলোচনা তথা সমন্বয় ৰক্ষাৰে এই বিষয়সমূহৰ ক্ষেত্ৰত সমাধান-সূত্ৰ উলিয়াই আঁচনিসমূহৰ ৰূপায়ণ অব্যাহত ৰখাৰ ওপৰত উপায়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ অতি সোনকালে অন্ত পৰিব বুলি আশা ব্যক্ত কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সক্ৰিয়ভাৱে আৰু সহযোগিতাৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। আজিৰ বৈঠকত উপায়ুক্তগৰাকীৰ লগতে জিলাখনৰ সহকাৰী আয়ুক্তসকল আৰু জনস্বাস্থ্য কাৰিকৰী, শ্ৰম, মীন, স্বাস্থ্য, শিক্ষা, পশুপালন আৰু পশুচিকিৎসা, জলসিঞ্চন, ৰেচম, কৃষি, গড়কাপ্টানী (পথ), গড়কাপ্টানী (গৃহ), জলসম্পদ, বন, সামাজিক বনানীকৰণ, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, বৈধ জোখ-মাপ আদি প্ৰায়বোৰ বিভাগৰে জিলাৰ মূৰব্বী বিষয়াসকল তথা উপায়ুক্তৰ কাৰ্যালয়ৰ ৰূপান্তৰ আৰু উন্নয়ন শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.