ETV Bharat / state

2 মে' বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা বিশ্বনাথ জিলা প্ৰশাসনৰ - বিশ্বনাথ জিলা প্ৰশাসন

ক'ভিড প্ৰ'টকল পালনৰ বাবে কঠোৰ নিৰ্দেশ জাৰী কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । অহা ২ মে’ত হ’বলগা ভোটগণনা ফলাফলৰ অন্তত বিজয়ী প্ৰাৰ্থী তথা সমৰ্থক সকলক বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে ।

2 মে' বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা বিশ্বনাথ জিলা প্ৰশাসনে

author img

By

Published : Apr 30, 2021, 10:30 PM IST

বিশ্বনাথ ৩০ এপ্ৰিল : অহা ২ মে’ত হ’বলগা ভোটগণনা সময়ছোৱাত ক'ভিড প্ৰ'টকল পালনৰ বাবে কঠোৰ নিৰ্দেশ জাৰী কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত তথা আশে-পাশে পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব আৰু ভোটগণনাৰ ফলাফলৰ অন্তত বিজয়ী প্ৰাৰ্থী তথা সমৰ্থক সকলক বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে ।

2 মে' বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা বিশ্বনাথ জিলা প্ৰশাসনে
2 মে' বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা বিশ্বনাথ জিলা প্ৰশাসনে

এই ক্ষেত্ৰত যদি কোনো লোকে এই নিৰ্দেশ অমান্য কৰে, তেন্তে ভাৰতীয় দণ্ডবিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিশ্বনাথ জিলা প্ৰশাসনৰ বিবৃতিত উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে ভোটগণনাত নিয়োজিত সকলো বিষয়া তথা গণনাকাৰী সকলৰ লগতে সংবাদকৰ্মী সকলৰো ক’ভিড পৰীক্ষণ সম্পন্ন কৰা হৈছে । তদুপৰি ভোটগণনাৰ সময়ছোৱাত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, শাৰীৰিক উষ্ণতা পৰীক্ষা কৰা, চেনিটাইজাৰ কৰা আদি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.