ETV Bharat / state

শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী : গহপুৰত মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:26 PM IST

Swaheed Kanaklata Barua : শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন ৷ গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ৷

Birth Centenary Celebrations of Kanaklata Barua
শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন
গহপুৰ হাইস্কুল খেলপথাৰত শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গহপুৰ, 22 ডিচেম্বৰ : গহপুৰত শ্বহীদ কলকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন ৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতি পৰিক্ৰমা বিভাগৰ উদ্যোগত, বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত শুকুৰবাৰে গহপুৰ হাইস্কুল খেলপথাৰত শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী বিমল বড়াই ৷

কাৰ্যসূচী অনুসৰি পুৱা কনকলতা বৰুৱাৰ কুটীৰৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ ইয়াৰ পিছতে শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত সকলোৱে পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ 1924 চনৰ 22 ডিচেম্বৰত জন্ম লাভ কৰা কনকলতা বৰুৱাই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি 20 ছেপ্তেম্বৰত বৃটিছৰ গুলীত প্ৰাণ আহুতি দিছিল ৷ অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰাৰ পিছতেই ঐতিহাসিক গহপুৰ থানা পৰিদৰ্শন কৰে ৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ড৹ শৰ্মাই গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মূল সভাত অংশগ্ৰহণ কৰে ৷ শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালক সভাত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তাৰ পিছতেই কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাৰ "কনকলতা বৰুৱা অন্যান্য" শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে ৷

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাষণ প্ৰসংগত কনকলতা বৰুৱাৰ বাসগৃহ চৰকাৰী ভাৱে সংৰক্ষণ কৰা হ'ব বুলি উল্লেখ কৰে ৷ লগতে 30 কোটি টকা ব্যয়েৰে শ্বহীদগৰাকীয়ে জন্ম গ্ৰহণ কৰা গাওঁ- বৰঙাবাৰী অঞ্চল উন্নত কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ৷ সভাত শ্বহীদ কনকলতা বৰুৱাৰ আৰ্দশেৰে আত্ম নিৰ্ভৰ ভাৰত, আত্ম নিৰ্ভৰ অসম গঢ়িবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি প্ৰস্তাৱিত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে গহপুৰ অঞ্চলত 500 বিঘা মাটি চৰকাৰক দিবলৈ আহ্বান জনায় তেওঁ ৷

লগতে পঢ়ক : নদী ব্যৱস্থাপনাত যুগান্তকাৰী উদ্ভাৱন গুৱাহাটী আইআইটিৰ গৱেষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.