চতিয়া, 17 ছেপ্টেম্বৰঃ বিগত সময়ত জামুগুৰিহাটৰ এটি সাংস্কৃতিক সংগঠনে ৰাজ্যৰ বাহিৰত ভাওনা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰাৰ উপৰিও বিদেশত বিশ্ববাসীৰ সুবিধাৰ্থে ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰাৰ যো-জা কৰা হৈছিল ৷ কিন্তু সন্থাটোৰ একাংশ শিল্পীয়ে ইংৰাজীত ভাওনা প্ৰদৰ্শন কৰাৰ নামত ভাওনাৰ সকলো নীতি-নিয়মক জঞ্জালি দি মঞ্চস্থ কৰাৰ অভিযোগ লাভ কৰি বাৰেচহৰীয়া ভাওনা সমিতিয়ে নিজাববীয়াকৈ যোৱা সোমবাৰে এখন সভাৰ আয়োজন কৰে ৷ সমিতিয়ে ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত আক্ষেপ ব্যক্ত কৰে ৷
ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ - Sotea news
গুৰুজনাৰ সৃষ্টিৰাজি ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাৰ অভিযোগ তুলি সংবাদমেলৰ জৰিয়তে দেশ তথা বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শনক তীব্ৰ সমালোচনা জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতিৰ ৷

ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ
চতিয়া, 17 ছেপ্টেম্বৰঃ বিগত সময়ত জামুগুৰিহাটৰ এটি সাংস্কৃতিক সংগঠনে ৰাজ্যৰ বাহিৰত ভাওনা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰাৰ উপৰিও বিদেশত বিশ্ববাসীৰ সুবিধাৰ্থে ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰাৰ যো-জা কৰা হৈছিল ৷ কিন্তু সন্থাটোৰ একাংশ শিল্পীয়ে ইংৰাজীত ভাওনা প্ৰদৰ্শন কৰাৰ নামত ভাওনাৰ সকলো নীতি-নিয়মক জঞ্জালি দি মঞ্চস্থ কৰাৰ অভিযোগ লাভ কৰি বাৰেচহৰীয়া ভাওনা সমিতিয়ে নিজাববীয়াকৈ যোৱা সোমবাৰে এখন সভাৰ আয়োজন কৰে ৷ সমিতিয়ে ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত আক্ষেপ ব্যক্ত কৰে ৷
ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ
ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ
Intro:
চতিয়া, 17 চেপ্তেম্বৰ:- গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাক বিকৃত ৰূপত প্ৰচাৰ কৰি গুৰুজনাৰ সৃষ্টিৰাজীক অপমান কৰাৰ অভিযোগ তুলি এক সংবাদমেলৰ জৰিয়তে দেশ তথা বিদেশত ইংৰাজী ভাষাত ভাঁওনা প্ৰদৰ্শনত বাধা আৰোপ কৰিছে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনা কমিটিয়ে৷
Body:বিগত সময়ত জামুগুৰিহাটৰ "প্ৰজন্ম উন্মেষ" নামৰ এটি অনুষ্ঠানৰ জৰিয়তে জামুগুৰিহাটৰে এগৰাকী যুৱক অৰূপ শইকীয়াৰ পৰিচালনাত ৰাজ্যৰ বাহিৰত ভাঁওনা প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ উপৰিও অহা মাহত বিদেশত ইংৰাজী ভাষাতেই ভাঁওনা প্ৰদৰ্শন কৰাৰ যো-জা কৰিছিল৷কিন্তু বিগত সময়ত ইংৰাজী ভাষাত প্ৰচাৰ কৰা ভাঁওনা আৰু সেই ভাঁওনাত অভিনয় কৰা একাংশ শিল্পীৰ পৰা ভাঁওনাৰ নীতি নিয়ম বিসৰ্জন দি মঞ্চস্থ কৰাৰ অভিযোগ লাভ কৰি বাৰেচহৰীয়া ভাঁওনা কমিটিয়ে নিজাববিয়াকৈ যোৱা সোমবাৰে এখন সভাৰ আয়োজন কৰে৷
সভাত ভাঁওনাৰ নিয়ম নীতি বিসৰ্জন দিয়াৰ তথ্য লাভ কৰাৰ উপৰিও পৰিচালক অৰূপ শইকীয়াকো সেই সভালৈ আমন্ত্ৰন জনোৱা স্বত্বেও তেঁও উপস্থিত নহৈ এখন পত্ৰ দি বাৰেচহৰীয়া ভাঁওনা কমিটিক অপমানসুচক মন্তব্য কৰা বুলিহে মঙ্গলবাৰে বাৰেচহৰীয়া ভাঁওনা কমিটিয়ে সংবাদমেলযোগে অৱগত কৰে৷
যাৰ পৰিপ্ৰেক্ষিতত প্ৰজন্ম উন্মেষ নামৰ সংগঠণটোৰ লগতে প্ৰশিক্ষক উদ্যোক্তা অৰূপ শইকীয়াকো ধিক্কাৰ দিয়ে বাৰেচহৰীয়া ভাওনা কমিটিয়ে৷
Conclusion:আছু,এজেৱাইচিপি কে আদি কৰি ২১ টি সংগঠনে ইতিমধ্যে বাৰেচহৰীয়া ভাঁওনা কমিটিৰ লগত একত্ৰিত হৈ এই ইংৰাজী ভাঁওনা বিকৃত কৰা সন্দৰ্ভত কেবাটিও প্ৰস্তাৱ গ্ৰহণ কৰি অসম চৰকাৰৰ লগতে সাংস্কৃতিক বিভাগ আৰু স্থানীয় বিধায়কলৈও প্ৰেৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে৷উল্লেখ্য যে অহা নবেম্বৰ মাহত " প্ৰজন্ম উন্মেষ " নামৰ অনুষ্ঠানটো ডুবাইলৈ ভাওঁনা প্ৰদৰ্শনৰ বাবে যোৱাৰ কথা ৷
Byte1:ভৱ গোস্বামী,সভাপতি৷
Pransankar bhuyan
Sootea
Etv bharat (assam)
17/9/2019