ETV Bharat / state

Pabhoi Greens Biswanath Chariali: ১৪০ বিধ প্ৰজাতিৰ বিলাহীৰে ভৰি পৰিছে বিশ্বনাথৰ পাভৈ গ্ৰীন - Tomato cultivation at Pabhoi in Bishwanath

বিশ্বনাথৰ কৃষি পাম পাভৈ গ্ৰীনত ৰং বিৰঙৰ বিলাহী চাবলৈ পৰ্যটকৰ ভিৰ । এই কৃষি পামখনত আছে বিলাহীৰ লগতে ৫২ টা প্ৰজাতিৰ কবি আৰু ৮০ টা প্ৰজাতিৰ জলকীয়া (Chilly cultivation at Bishwanath) ।

Tomato cultivation at Pabhoi in Bishwanath
বিশ্বনাথৰ কৃষি পাম পাভৈ গ্ৰীণ
author img

By

Published : Mar 29, 2023, 1:28 PM IST

বিশ্বনাথ, ২৯ মাৰ্চ: ১৪০ বিধ প্ৰজাতিৰ বিলাহীৰে এক দৃষ্টি নন্দন পৰিৱেশ বিশ্বনাথৰ পাভৈত (Tomato cultivation at Pabhoi in Bishwanath)। ৰং বিৰঙৰ বিলাহীবোৰৰ কোনোবাটোৰ ওজন যদি ২৫০ গ্ৰাম, কোনোবাটোৰ আকৌ মাত্ৰ ৫ গ্ৰাম । ৰঙা ক্ৰিকেট বলটোৰ পৰা মাৰ্বল গুটি বা কাঁচি বগৰীৰ দৰে এই নানা ৰঙৰ বিলাহীবোৰে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই বিলাহীবোৰ লমা লমে লাগি আছে বিশ্বনাথৰ যুৱ কৃষক নীলম দত্তৰ কৃষি পাম পাভৈ গ্ৰীনত (Agricultural Farm Pabhoi Green)।

নীলম দত্তই কৰা এই বিলাহীৰ খেতিৰ মূল উদ্দেশ্য হৈছে বিলাহীৰ বিভিন্ন প্ৰজাতিৰ বীজ উৎপাদন । উল্লেখযোগ্য যে, নীলমে এই বিলাহীৰ উপৰি ধানকে আদি কৰি বিভিন্ন প্ৰজাতিৰ বীজ সংৰক্ষণ কৰিছে । তদুপৰি ফুল কবি, বন্ধা কবি, ব্ৰক'লি, ওল কবিসহ ৫২ টা প্ৰজাতিৰ কবি আৰু ৮০ টা প্ৰজাতিৰ জলকীয়া পৰীক্ষামূলকভাৱে উৎপাদন কৰিছে । ইয়াৰ বীজ উৎপাদন আৰু সংৰক্ষণৰ বাবেও তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত তেওঁ মহিলাৰ মাজত গোট গঠন কৰি তেওলোকৰ জড়িয়তে কবিৰ বীজ পৰীক্ষামূলকভাৱে উৎপাদন কৰাত সফল হৈছে ।

তেওঁ বিভিন্ন প্ৰজাতিৰ জিকা, বেঙেনা আদিৰ বীজ উৎপাদন কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কৃষকক যোগান ধৰিবলৈ সক্ষম হৈছে । বিশেষকৈ জৈৱিক কৃষি কৰ্মক গুৰুত্ব দি অহা নীলমে কেঁচু সাৰ উৎপাদন কৰি সফলতা লাভ কৰি আহিছে । বৰ্তমান নীলমে অভিলেখ সংখ্যক কেঁচু সাৰ বাহিৰলৈ প্ৰেৰণ কৰি আশাৰ বতৰা কাঢ়িয়াই আনিছে । তদুপৰি নীলমৰ কৃষি পামত আছে কুৰিতাৰো অধিক পুখুৰী । ইয়াত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মাছ বিক্ৰী কৰি স্বাৱলম্বী হৈছে । লগতে সমগ্ৰ পামখনত ২৫ জন নিবনুৱা যুৱক- যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে । নীলমৰ এই পামত আছে ৩০ জনী উন্নতমানৰ গাই গৰু । তেওঁ ইয়াৰ পৰা গাখীৰ উৎপাদন কৰিও লাভৱান হৈছে । ধান খেতি আৰু অন্যান্য খেতিৰ লগতে মধুৰি আম আদি ফল-মূলৰ খেতি কৰিও যথেষ্ট লাভবান হৈছে ।

শেহতীয়াকৈ তেওঁ ৮০ বিঘাৰো অধিক এই পামখন পৰ্যটন কেন্দ্ৰ হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা চলাইছে । বিদেশী পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহী গৃহ । পৰ্যটনৰ বাবে তেওঁ টকৌ পাত, বাঁহ আদিৰে শেহতীয়াভাৱে সাজিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাং ঘৰ । ভিতৰত জুই পুওৱাৰ ব্যৱস্থা থকা এই ঘৰটোত ধুনীয়াকৈ সজাই তোলা হৈছে আলহী থাকিব পৰা আৰু বহিব পৰা কোঠা । নীলমৰ পুখুৰীত পৰেহি শৰালী, শামুকখোলা, বৰটোকোলাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই । যাৰ বাবে এতিয়া নীলমে নিজৰ এটা পুখুৰীত চৰাইবোৰে কণী পাৰি পোৱালী জন্ম দিয়াৰো ব্যৱস্থা কৰি দিছে । প্ৰতি বছৰে দেশ-বিদেশৰ পৰ্যটকো ইয়ালৈ আহিছে ।

লগতে পঢ়ক: Bihu dance and Dhol badan workshop: মৰাণত কান্ধত ঢোল লৈ মন্ত্ৰী যোগেন মহনে নচুৱালে নাচনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.