বিশ্বনাথ,11 জানুৱাৰীঃ বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ প্ৰশংসনীয় পদক্ষেপ ৷ এক আদেশজাৰী কৰি জিলাখনৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজত অসমীয়া ভাষা প্ৰয়োগৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে।

এই আদেশ অনুসৰি জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহৰ সকলো ধৰণৰ কাম-কাজ যেনে,আবেদন,নথি-পত্ৰৰ টোকা,আদেশ,অধিসূচনা আদিত যথাসম্ভৱ অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ কোৱা হৈছে। অসম চৰকাৰী ভাষা আইন, ১৯৬০-ৰ ৩ নং ধাৰাৰ অধীনত জাৰি কৰা এই আদেশ সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ তৎকালে বলৱৎ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷