ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সাহাৰ্যৰ বাবে আবেদন কৰিবলৈ চৰকাৰে আৰম্ভ কৰিব নতুন প’ৰ্টেল

author img

By

Published : Jan 2, 2022, 9:34 PM IST

ৰাজ্যৰ ১১ লাখ প্ৰথম শ্ৰেণী (নিয়মীয়া পৰিশোধকাৰী) হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়োৱা অসম মাইক্ৰফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ বিশ্বনাথৰ কমলা কান্ত ক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অহা ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চৰ লোনৰ সাহাৰ্য লাভ কৰিবৰ বাবে মহিলা সকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই (Portal for supporting micro finance debt in Assam) ।

assam-government-to-start-portal-for-supporting-micro-finance-debt
মাইক্ৰফাইনেঞ্চৰ ঋণ সাহাৰ্যৰ বাবে আবেদন কৰিবলৈ চৰকাৰে আৰম্ভ কৰিব নতুন পৰ্টেল

বিশ্বনাথ, ২ জানুৱাৰী : ''মহিলাসকল সমাজৰ এটা অংগ মহিলাসকল স্বাৱলম্বী হৈ আগবাঢ়ি গ’লেহে সমাজখনো আগবাঢ়ি যাব'' ৷ ৰাজ্যৰ ১১ লাখ প্ৰথম শ্ৰেণী (নিয়মীয়া পৰিশোধকাৰী) হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়োৱা অসম মাইক্ৰ’ফাইনেঞ্চ উদগণি আৰু সকাহ আঁচনিৰ অধীনত বিশ্বনাথৰ কমলা কান্ত ক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM distributes cheque among micro finance debtors) ৷

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ''আজি এটা বিশেষ দিন । যোৱা বছৰ নিৰ্বাচনৰ সময়ত বিশ্বনাথলৈ আহিছিলো, সমদল কৰিছিলো, দুখনকৈ সভাত অংশ গ্ৰহণো কৰিছিলো । নিৰ্বাচনৰ পিছত যেতিয়া দেখিলো অসমত মাইক্ৰ’ফাইনেঞ্চৰ ২৪ লাখ মহিলাই লোন লৈছে । ইয়াৰে ১১ লাখ মহিলাই সুন্দৰভাৱে লোন ঘূৰাইছে , ঘূৰাই দি থকা সকলক আমি বেছিকৈ সহায় কৰিব লাগে । আমি ২৫ হেজাৰ টকালৈকে এখন চেক দিয়াৰ কথা চিন্তা কৰিলো । যি সকল মহিলাই লোন পৰিশোধ কৰিব তেওঁলোকক পুনৰ লোণ দিব মাইক্ৰ’ফাইনেঞ্চ কোম্পানী সমূহে'' ৷

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সাহাৰ্যৰ বাবে আবেদন কৰিবলৈ চৰকাৰে আৰম্ভ কৰিব নতুন প’ৰ্টেল

অহা বহাগ বিহুৰ আগত এই ১১ লাখ মহিলাক চেক বিতৰণ কাৰ্য সমাপ্ত কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয়, ''লোন মানে অনুদান নহয় । লোনৰ পইচা লৈ মোবাইল, টিভি, ফ্ৰীজ কিনাৰ পৰিৱৰ্তে আমি কিনিব লাগিছিল হাঁহ, য’ৰ পৰা টকা উপাৰ্জন হ’ল হেঁতেন । আমি পইচা টিভি ফ্ৰীজ কিনি খৰছ কৰিলোঁ, এতিয়া ঘূৰাম ক’ৰ পৰা ? এইটো জানো ভাল কথা'' ? (Assam CM on micro finance loan) তেওঁ লগতে কয় যে, এই ক্ষেত্ৰত বেংকৰো দোষ আছে, কোনো পৰিকল্পনা নোহোৱাকৈ লোন দিয়া হৈছে ।

ইফালে, বিশ্বনাথত উন্নয়ন হৈ আছে বুলি মন্তব্য কৰি তেওঁ কয়, বিশ্বনাথত মেডিকেল কলেজ, বিহালীত ইঞ্জিনিয়াৰিং কলেজ , উমাতুমিত ৰ'প ৱে নিৰ্মাণ হ’ব । ২০২৬ চনৰ আগত এইখিনি কাম সম্পূৰ্ণ হ’ব বুলি অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলাসকলক উদ্দেশ্যি পুনৰ কয়, অসমৰ চিন্তা ধাৰা আমি সলনি কৰিব লাগিব ।

এতিয়া ভৱিষ্যতে লোন নোলৱাৰ কথা যি সকল মহিলাই ভাবিছে তেওঁলোকক এতিয়া পোৱা চেকৰ টকাৰেই পৰিশোধ কৰিবলৈ থকা লোণ খনি পৰিশোধ কৰিবলৈকো আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে, অহা ১ ফেব্ৰুৱাৰীত মাইক্ৰ’ফাইনেঞ্চৰ লোনৰ সাহাৰ্য লাভ কৰিবৰ বাবে মহিলা সকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই (Portal for supporting micro finance debt in Assam) ।

লগতে পঢ়ক : Assam police SP's conference : আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.