বিশ্বনাথ, 6 ছেপ্তেম্বৰ : ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ BJP দলত যোগদান কৰিলে বিশ্বনাথৰ 105 গৰাকীকৈ ছাত্ৰ নেতাই ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সদৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি ঈষাণ প্ৰতীম শইকীয়া, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ মটক, ৰাজ্যিক নিবনুৱা সন্থাৰ প্ৰাক্তন উপ সভাপতি ধীৰেণ ডেকা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ভাস্কৰ দাসৰ লগতে প্ৰায় 105 গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷
![student leader joined bjp in biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12982445_771_12982445_1630911332733.png)
এই ছাত্ৰ নেতাসকলে বিজেপি দলত যোগদান কৰাৰ পাচতে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে ৷ নাগৰিকত্ব সংশোধনী (Citizenship Amendment Act) আন্দোলনত অংশ লোৱা এইসকল ছাত্ৰনেতাৰ বিজেপিত যোগদান এক শুভলক্ষণ বুলি প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই মন্তব্য কৰে ৷
![student leader joined bjp in biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12982445_403_12982445_1630911424625.png)
বিজেপিৰ বিশ্বনাথ নগৰ মণ্ডল আৰু বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ নগৰৰ ধৰ্মশালাত বিশ্বনাথ নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাৰ সভাপতিত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰি ছাত্ৰনেতা কেইগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা বুলি মন্তব্য কৰে ৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ নিদৰ্শনো তেওঁলোকৰ বিজেপি দলত যোগদান কৰাৰ এক অন্যতম কাৰণ বুলি উল্লেখ কৰে ৷ প্ৰাক্তন ছাত্ৰনেতা কেইগৰাকীৰ বিজেপিত যোগদানে সমাগত পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ শক্তি বিশ্বনাথ নগৰত দুগুণে বৃদ্ধি কৰিব বুলি নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাই উল্লেখ কৰে ৷ তেজপুৰ লোকসভা সমষ্টিৰ সংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও যোগদান সভাখনত বক্তব্য ৰাখে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ সৈতে মিত্ৰতালৈ নাযায় অসম জাতীয় পৰিষদ