ETV Bharat / state

বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক - বিশ্বনাথ জিলা প্ৰশাসন

সংখ্যালঘু ৰাইজৰ মাজত ছাত্ৰ সংগঠন আমছুৰ যথেষ্ট প্ৰভাৱ আৰু গণভিত্তি আছে বুলি উল্লেখ কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংখ্যালঘু ছাত্ৰ সন্থাৰ সুস্থিৰ সিদ্ধান্তই ৰাইজৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি অতি সোনকালে আঁতৰ হব বুলি আশা প্ৰকাশ কৰে । ৰঙালী বিহুৰ সময়ত যাতে জিলাখনত আৰু কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে প্ৰশাসন আৰু আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনায় ।

বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক
author img

By

Published : Apr 13, 2019, 10:29 PM IST

বিশ্বনাথ, 13 এপ্ৰিলঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভা কক্ষত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰে জিলা প্ৰশাসনৰ বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সভাখন ৷

ETV BHARAT
বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক

বিশ্বনাথত কিছুদিন পূৰ্বে সংঘটিত গো-মাংস কেন্দ্ৰীক ঘটনাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে গোটেই দেশতে জোকাৰি যোৱা ঘটনা প্ৰতি লক্ষ্য ৰাখি, উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ছাত্ৰ সংগঠনটোৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা কামনা কৰে । জিলা প্ৰশাসনে ইতিমধ্যে ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে বুলি অৱগত কৰি তেওঁ কয় যে, তদন্তৰ প্ৰতিবেদন আহি পালেই ঘটনাৰ লগত জড়িত সকলো চিনাক্ত হব । আনহাতে এই ঘটনাৰ লগত জড়িত কোনো দুৰ্বৃত্তকে ৰেহাই দিয়া নহব বুলি ঘোষণা কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে মন্তব্য কৰে যে, এইপৰ্যন্ত ঘটনাৰ লগত জড়িত আঠজনকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলিও মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এই ঘটনাৰ আলাপ লৈ যাতে কোনো পক্ষই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমছুৱে সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰাৰ লগতে শংকৰ-আজানৰ দেশ অসমত ঐক্য-সম্প্ৰীতি বিনষ্ট হব পৰা কাৰ্যক সংখ্যালঘু ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰি একাংশ দুষ্ট লোকে ঘটনাক লৈ সহজ-সৰল সংখ্যালঘু লোকক ধৰ্মৰ নামত উচটাবলৈ যত্ন কৰিছে আৰু এনে উচটনিত ভোল নগৈ সংযম ৰক্ষা কৰিবলৈ আমছুৱে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে ৷ লগতে উক্ত ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে বুলি চৰকাৰক আহ্বান জনাইছে ।

Slug_A_biswanath_Dc_ meeting_AMSU_13A_801_803_Photo_Scrpt_Srimanta

আমছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰে জিলা প্ৰশাসনৰ বৈঠক

_শান্তি-সম্প্ৰীতি অটুট ৰখাত  সহযোগিতাৰ আহ্বান  উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ_

 বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰে জিলা প্ৰশাসন এক বিশেষ বৈঠকত মিলিত হয়। বিশ্বনাথ চাৰিআলিত অলপতে সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ আলম লৈ যাতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ কোনোধৰণৰ অৱনতি নঘটে, সেই ক্ষেত্ৰত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ছাত্ৰ সংগঠনটোৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা কামনা কৰে। জিলা প্ৰশাসনে ইতিমধ্যেই ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে বুলি অৱগত কৰি তেওঁ কয় যে তদন্তৰ প্ৰতিবেদন আহি পালেই ঘটনাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলো পক্ষ চিনাক্ত হব। আনহাতে  এই ঘটনাৰ লগত জড়িত কোনো এগৰাকী দুৰ্বৃত্তকে ৰেহাই দিয়া নহব বুলি ঘোষণা কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে কয় যে এইপৰ্যন্ত ঘটনাৰ লগত জড়িত আঠজনকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত আছে।বৈঠকত ভাগ লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এই ঘটনাৰ আলপ লৈ যাতে কোনো পক্ষই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমছুৱে ঘটনাৰ পিছৰেপৰাই সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। শংকৰ-আজানৰ দেশ অসমত ঐক্য-সম্প্ৰীতি বিনষ্ট হব পৰা কাৰ্যক সংখ্যালঘু ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে একাংশ দুষ্ট লোকে ঘটনাক লৈ সহজ-সৰল সংখ্যালঘু লোকক ধৰ্মৰ নামত উচটাবলৈ যত্ন কৰিছে আৰু এনে উচটনিত ভোল নগৈ সংযম ৰক্ষা কৰিবলৈ আমছুৱে ৰাইজক সজাগ কৰাৰ কাম অব্যাহত ৰাখিছে। তাৰ বাবে সংগঠনটো এচাম উগ্ৰ মানসিকতাৰ লোকৰ সমালোচনাৰো সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে দোষীয়ে শাস্তি পোৱাৰ ক্ষেত্ৰত আমছুৱে কেতিয়াও আপোচ নকৰে আৰু অপৰাধীৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰিবৰ বাবে ই চৰকাৰক আহ্বান জনাইছে। সংখ্যালঘু ৰাইজৰ মাজত ছাত্ৰ সংগঠন আমছুৰ যথেষ্ট প্ৰভাৱ আৰু গণভিত্তি আছে বুলি উল্লেখ কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে তেওঁলোকৰ সহযোগত ৰাইজৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি অতি সোনকালে আঁতৰ হব বুলি আশা প্ৰকাশ কৰে। ৰঙালী বিহুৰ সময়ত যাতে জিলাখনত আৰু কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে প্ৰশাসন আৰু আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজলৈ পুনৰবাৰ আহ্বান জনায়। আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আনোৱাৰুল হক, আমছুৰ স্থানীয় বিষয়ববীয়াসকল আৰু বিশ্বনাথ চাৰিআলিৰ অন্যান্য সংখ্যালঘু সংগঠনৰ একাংশ প্ৰতিনিধিও উপস্থিত আছিল।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.