ETV Bharat / state

Demand for teacher recruitment : শিক্ষক নাই; বিগত এসপ্তাহে বন্ধ ঘাহিগাঁও প্ৰাথমিক বিদ্যালয় - Local people demand teacher recruitment at Gohpur

বিগত এসপ্তাহে তলা ওলমিছে গহপুৰৰ ঘাহিগাঁও প্ৰাথমিক বিদ্যালয়ত (Ghahigaon Primary School in Gahpur)। বিদ্যালয়খনত নাই শিক্ষক (school shutdown due to lack of teacher at Gahpur) । বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী ।

Poor school infrastructure in Biswanath
গহপুৰৰ প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষক
author img

By

Published : May 9, 2023, 11:53 AM IST

গহপুৰৰ প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষক

বিশ্বনাথ, ৯ মে' : ৰাজ্য় চৰকাৰে অসমৰ শৈক্ষিক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে বিশেষ উদ্যোগ লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য়ৰ প্ৰায় ভাগ জিলাতেই স্থাপন কৰিছে বহুতো বিশ্ববিদ্যালয় । সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰি নৱ প্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে। এনে শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌলগা ছবিখন উন্মোচিত হোৱাত ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া (Poor school infrastructure in Biswanath)। শিক্ষক অবিহনেই চলিছে বহুতো প্ৰাথমিক বিদ্য়ালয় । ইয়াৰ মাজতেই শিক্ষকৰ অভাৱত বিগত এসপ্তাহে বন্ধ হৈ আছে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয় (School closed due to lack of teacher) ।

প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক মান উন্নীতকৰণৰ ওপৰত যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে বিশেষভাৱে গুৰুত্ব দি আহিছে বুলি দাবী কৰিছে, সেই সময়তে বিশ্বনাথৰ অন্তৰ্গত গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত যোৱা এসপ্তাহ ধৰি তলা ওলমি থকা কাৰ্যই সচেতন ৰাইজৰ চকু কপালত তুলিছে (School running at Gohpur without teacher)। গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসৰ অৱহেলাৰ বাবে এসপ্তাহ ধৰি তলা ওলমি আছে ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ত । এই অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য় যে, ১৯৩১ চনতে স্থাপিত হৈছিল এই বিদ্যালয় (Primary school closed in Gohpur)। জানিব পৰা মতে, ঘাহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষক নৱজ্যোতি শৰ্মাই যোৱা ৩০ এপ্ৰিলত চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে ৷ তাৰ পাচতে এই দশা হৈছে বিদ্যালয়খনৰ । পৰিতাপৰ বিষয় ছাত্ৰ-ছাত্ৰী যোৱা কেবাদিন ধৰি বিদ্যালয়লৈ আহিছে যদিও শিক্ষক নথকাত উভতি যাবলগীয়া হৈছে । সেইবাবে ইয়াকে লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল ৷ সেয়ে শীঘ্ৰে ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে (Local people demand teacher recruitment at Gohpur) ৷

লগতে পঢ়ক : Ripun Bora criticizes Assam govt: অসমৰ বিজেপি চৰকাৰক নম্বৰৰ ক্ষেত্ৰত শূন্য দিলে ৰিপুন বৰাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.