ETV Bharat / state

ডিপৰাৰ ৯৫ বছৰীয়া এগৰাকী ক’ভিড যোদ্ধা

author img

By

Published : Jun 25, 2021, 7:08 PM IST

চৰ্চালৈ আহিছে গহপুৰ ডিপৰাৰ ৯৫ বছৰীয়া এগৰাকী সাহসী আইতা । এসপ্তাহ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চিলচিলি দাস নামৰ আইতাগৰাকী ৷ সম্পূৰ্ণ সাত দিনৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি অহাত আইতাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী আন্দিত হৈ পৰিছে ৷

recovery from covid19 a old woman
ডিপৰাৰ ৯৫ বছৰীয়া এগৰাকী ক’ভিড যোদ্ধা

বিশ্বনাথ,25 জুন : গহপুৰ ডিপৰাৰ ৯৫ বছৰীয়া এগৰাকী সাহসী আইতা । নাম চিলচিলি দাস । এসপ্তাহ পূৰ্বে ক'ভিডত আক্ৰান্ত হৈ কলবাৰী আৰ্দশ চিকিৎসালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈছিল ৯৫ বছৰীয়া চিলচিলি দাস । সম্পূৰ্ণ সাত দিনৰ পিছত সুস্থ হৈ আনন্দ মনেৰে আইতা ওভিত আহিল নিজ ঘৰলৈ ।

ঘৰলৈ ওভতি অহাৰ পাচৰ পৰাই আইতাগৰাকী খুবেই ব্যস্ত হৈ পৰিছে টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়াত । আইতা গৰাকীৰ মনত আছে অদম্য সাহস । একমাত্ৰ সাহসৰ বাবেই ক'ভিডক পৰাস্ত কৰিবলৈ সক্ষম হ'ল চিলচিলি আইতা । আইতাই এতিয়া সাহস যোগাইছে আন ক'ভিড ৰোগী সকলক ।

ডিপৰাৰ ৯৫ বছৰীয়া এগৰাকী ক’ভিড যোদ্ধা

প্ৰতিটো মূৰ্হুতত চিলচিলি আইতা এতিয়া ক'ভিড ৰোগী সকলৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস । লগতে আইতাই প্ৰতিগৰাকী ব্যক্তিক ক'ভিডৰ নীতি-নিয়ম সমূহ মানি চলিবলৈ জনাইছে অনুৰোধ । সুস্থ হৈ ঘৰলৈ উভতা আইতাৰ মুখলৈ চাই এতিয়া পৰিয়ালৰ মুখতো বিৰিঙিছে হাঁহি ৷

আনফালে, ডিপৰা গাঁওবাসীও আইতা গৰাকী সুস্থ হৈ ঘৰলৈ ওভতাক লৈ হৈ পৰিছে যথেষ্ট আনন্দিত । মুঠতে ক'ভিডক জয় কৰি আজি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এইগৰাকী বৃদ্ধা আইতাই । কেৱল সকলোৱে ল'ব লাগিব আইতাৰ আদৰ্শ ।

ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোলৈ আহ্বান পালন কৰক স্বাস্থ্য বিধি । ভয়েৰে নহয় মনৰ বলেৰে যুদ্ধ কৰক কৰ'ণাৰ বিৰুদ্ধে । চাব এওঁলোকৰ দৰে আপুনিও কৰিব পাৰিব মহামাৰীক পৰাস্ত ।

লগতে পঢ়ক: এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.