ETV Bharat / state

বিশ্বনাথত 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

স্বাধীনতা দিৱস উপলক্ষে বিশ্বনাথ জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি সকলক ক’ভিড-19 ৰ পৰিপ্ৰেক্ষিতত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত ৷

author img

By

Published : Aug 1, 2020, 4:50 AM IST

বিশ্বনাথত 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি
বিশ্বনাথত 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

বিশ্বনাথ, 31 জুলাই : ক’ভিড-19 অথবা কৰ’ণা ভাইৰাছ মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিলেও সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে । কৰ’ণাকেন্দ্ৰীক সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশাৱলীৰ আধাৰতে জিলাখনত স্বাধীনতা দিৱসটি উদযাপন কৰাৰ বাবে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত শুকুৰবাৰে আহ্বান কৰা এক বিশেষ বৈঠকত এই বিষয়ে পুংখানুপংখভাৱে আলোচনা কৰা হয় ।

উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনত প্ৰায় সকলোবোৰ চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা আদি উপস্থিত থাকি চৰকাৰী শেহতীয়া নিৰ্দেশনা অনুসৰি এই দিৱস উদযাপন সন্দৰ্ভত গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায় ।

বিশ্বনাথত 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনক লৈ বৈঠক

ক’ভিড-19 ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সকলো নিয়মাৱলী পালন কৰি সমাগত স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচী সুচাৰূপে পৰিচালনাৰ বাবে শুকুৰবাৰে সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ চৰকাৰী বিভাগসমূহক এই ক্ষেত্ৰত নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাৰ লগতে নাগৰিক সমাজৰ পৰাও সম্পূৰ্ণ সহযোগিতা কামনা কৰে ।

স্বাধীনতা দিৱস উপলক্ষে এইবেলি বিশ্বনাথ জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অন্ লাইন মাধ্যমেৰে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা, এন চি চি, স্কাউট গাইড, ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ বিপৰীতে কেৱল আৰক্ষী বাহিনীৰ দ্বাৰা কুচকাৱাজ আদিৰ দায়িত্ব সংশ্লিষ্ট বিভাগৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ দিৱসৰ মূল কাৰ্যসূচীত কাছাৰী ময়দান সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগতে পতাকা উত্তোলনৰ বেদী, পতাকা উত্তোলনৰ খুটা আদি ক’ভিড-19 ৰ নিৰ্দেশনা মৰ্মে চেনিটাইজ কৰা আদি দিশৰো পৰ্যালোচনা কৰা হয় ।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো স্বাধীনতা দিৱস উপলক্ষে জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি সকলক ক’ভিড-19 ৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাবৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে ।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ খেলপথাৰত (কাছাৰী ময়দান) আয়োজিত হ’বলগীয়া এই কেন্দ্ৰীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা 13 আগষ্টত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন দল সংগঠনক জড়িত কৰি সকলো চৰকাৰী কাৰ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সভাই মুৰব্বী বিষয়া সকলক আহ্বান জনায় ।

সভাত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তত্ৰয় চন্দনা মহন্ত, মনোৰঞ্জন পায়েং, কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভজ্যোতি শইকীয়াকে ধৰি জিলা প্ৰশাসন, আৰক্ষী আৰু অন্যান্য চৰকাৰী বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ।

লগতে চাওক-"তেজ দিম কিন্তু মাটি নিদিও"- পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.