ETV Bharat / state

Assam Agriculture Department : বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি - Assam Agriculture Department

জিলা কৃষি বিভাগৰ পদক্ষেপ । বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি (Paddy procurement centres open in Biswanath) ।

Biswanath
Biswanath
author img

By

Published : Dec 3, 2022, 8:54 PM IST

বিশ্বনাথ, ৩ ডিচেম্বৰ : বিশ্বনাথ জিলা কৃষি বিভাগৰ বিশেষ পদক্ষেপ (Biswanath District Agriculture Department) । জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় (3 Paddy procurement centres open in Biswanath) । ইয়াৰে অংশস্বৰূপে ভাৰতীয় খাদ্য নিগমৰ অধীনত শনিবাৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত পানীভঁৰাল অঞ্চলত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয় (Indian Food Corporation) ।

বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড৹ সূৰ্যকমল বৰাই উক্ত ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে । সেই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া দীপক বাঢ়ৈৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী সকল । নিজৰ উদ্বোধনী ভাষণত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কৃষক ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম সমৰ্থিত মূল্য (minimum support price of paddy) প্ৰতি কুইণ্টলত ২০৪০ টকা দৰত ধান বিক্ৰী কৰি লাভান্বিত হ'বলৈ আহ্বান জনায় ।

আনহাতে, জিলা কৃষি বিষয়াগৰাকীয়ে জিলাখনৰ সকলো কৃষককে এই সুবিধা গ্ৰহণ কৰিবলৈ শীঘ্ৰে নিজ অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক/কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় (Assam Agriculture Department) । উল্লেখযোগ্য যে ২ ডিচেম্বৰত অসম চৰকাৰৰ অধীনস্থ কোম্পানী অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত বিশ্বনাথৰ গড়েহাগিত আন এটা ধান ক্রয় কেন্দ্ৰ ইতিমধ্যে জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই মুকলি কৰে (Assam Food and Civil Supplies Corporation Limited) ।

শনিবাৰে এই ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত কেইবাজনো স্থানীয় কৃষকে অংশগ্ৰহণ কৰি ধান ক্ৰয় ব্যৱস্থাৰ প্ৰতি নিজৰ সন্তুষ্টি প্ৰকাশ কৰে । সমান্তৰালভাৱে জিলাখনৰ গহপুৰৰ বালিজানতো এটা ধান ক্ৰয় কেন্দ্ৰ আজি শুভাৰম্ভণি কৰা হয় ।

উল্লেখ্য যে অসম চৰকাৰৰ কৃষি বিভাগে ইতিমধ্যে ৰাজ্যৰ কৃষকসকলৰ উৎপাদিত ধান ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে । তাৰ বাবে কৃষি বিভাগে প্ৰতি কুইণ্টল ধানত ন্যূনতম সমৰ্থন মূল্যও নিৰ্ধাৰণ কৰি দিছে । ৰাজ্যৰ ধান উৎপাদকসকলে যাতে উচিত মূল্য লাভ কৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি অসম চৰকাৰৰ কৃষি বিভাগে জনাইছে । ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে ।

লগতে পঢ়ক :Badaruddin Ajmal Comments : আজমলক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.