ETV Bharat / state

বৰপেটাত বজ্ৰপাতত যুৱকৰ মৃত্যু

author img

By

Published : May 27, 2021, 2:20 PM IST

বৰপেটাত বজ্ৰপাতত মৃত্যু এজন যুৱকৰ । যুৱকজন বৰপেটা চহৰৰ দঙৰকুছিৰ ৰিতু মনি দাস । বজ্ৰ পৰাৰ পিছত যুৱকজনক লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

BARPETA DEATH
বৰপেটাত বজ্ৰপাতত যুৱকৰ মৃত্যু

বৰপেটা, ২৭ মে': বৰপেটাত এক শোকাৱহ ঘটনা । মঙলবাৰে নিশা বজ্ৰ পৰি মৃত্যু এজন যুৱকৰ । যুৱকজন বৰপেটা চহৰৰ দঙৰকুছিৰ ৰিতু মনি দাস । জানিব পৰা মতে নিশা দুজন বন্ধুৰ সৈতে গাঁৱত ফুৰিবলৈ গৈছিল ৰিতু মনি দাস । হঠাৎ ধুমুহা বৰষুণ অহাত এজন বন্ধুৰ ঘৰৰ সন্মুখত আশ্ৰয় লৈছিল । কিন্তু দুৰ্ভাগ্যৱশত সেই সময়তে বজ্ৰ পৰি মৃত্যু হয় যুৱকজনৰ ।

ইফালে আন এটা ঘৰৰ বাৰাণ্ডাত আশ্ৰয় লোৱা আন দুজন বন্ধু ভাগ্যক্ৰমে ৰক্ষা পৰে ৷ বজ্ৰপাত পৰাৰ পিছতে যুৱকজনক লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান ৰিতু মনি দাসৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক:অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.