ETV Bharat / state

কাণসাৰ নাই চৰকাৰৰ:ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং

author img

By

Published : May 17, 2019, 5:37 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ জাহৰপাম গাঁৱৰ পুৰণি কাঠৰ দলংখন আজিও ঢুকি নাপালে চৰকাৰী আঁচনিয়ে। ইয়াৰ ফলত ৰাইজে শ্ৰমদান কৰি নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ সাঁকো তৈয়াৰ কৰি যাতায়ত কৰিবলগীয়া হৈছে।

ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং

জনীয়া,১৭ মে: বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ জাহৰপাম গাঁৱৰ পুৰণি কাঠৰ দলংখন আজিও নিৰ্মাণ হৈ নুঠাত ৰাইজেই শ্ৰমদান কৰি মেৰামতি কৰে দলংখন। নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো সাজি এতিয়া যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে।

কাণসাৰ নাই চৰকাৰৰ : ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং

পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰ গঠন কৰা তিনিবছৰ উকলিল যদিও উন্নয়নৰ মুখ নেদেখিলে অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ বাবেই কাদঙৰ পৰা বৰপেটা অভিমুখী দলংখনৰ বাবে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ সেয়েহে অতিশীঘ্ৰে দলংখন নিৰ্মাণ কৰি যাতায়তৰ পথ মোকলাবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।

Intro:slug: as_jania_17may_decrepit_wooden_bridge_vis3+byt2+pho2_asc10058

জনীয়া, ১৭ মে: জনীয়া সমষ্টিৰ জাহৰপাম অঞ্চলৰ ৰাইজে নিজে শ্ৰম দান কৰি পুৰণী কাঠৰ দলং মেৰামতি কৰিলে চৰকাৰ-প্ৰশাসন নিৰ্বিকাৰ।Body:slug: as_jania_17may_decrepit_wooden_bridge_vis3+byt2+pho2_asc10058

বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিল৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত সোণোৱাল চৰকাৰ গঠন হ’ল৷ পৰিৱৰ্তনকামী চৰকাৰ খনেও একেটাই ৰুপ দেখুৱালে জনসাধাৰণক৷ উন্নয়নৰ তিনিবছৰ উকলি গ’ল, তথাপিও উন্নয়নৰ মুখ নেদেখিলে বৰপেটা জিলাৰ জাহৰপাম গাঁওৰ অঞ্চলবাসীয়ে৷ বিগত দেৰবছৰ পূৰ্বে স্থানীয় জিলা পৰিষদ ইলিমা খাতুন চৰকাৰী স্ক্ৰীম মতে ধন আত্মহাত কৰি নিৰ্মান কৰিছিল পুৰণা কাঠৰ দলং। ৰাইজে জানিব দিয়া মতে দলংৰ দুইফালে মাটি নিদিয়াকৈ নদীৰ মাজতেই নিৰ্মান কৰিছিল দলংখন। জাৰবাবে ৰাইজে নিজে শ্ৰম দান কৰি গাঁঠিৰ ধনেৰে বাঁহৰ সাঁকো বনাই যাতায়ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পাছত কানহাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। কাদংৰ পৰা বৰপেটা অভিমুখে যোৱা দলংখনৰ বাবে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে৷ সেয়ে ৰাইজে চৰকাৰক দাবী জনায় যে যাতায়তৰ বাবে দলং খন অতিশীঘ্ৰে উপযোগী কৰি মোকলাই দিয়ে যেন৷Conclusion:slug: as_jania_17may_decrepit_wooden_bridge_vis3+byt2+pho2_asc10058

বাইট: ভুক্তভোগী ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.