বৰপেটাৰোড,30 মে': ৰাজ্যৰ সকলো মন্ত্ৰী বিধায়ক ক'ভিড পৰিস্থিতিক লৈ ব্যস্ত হৈ থকাৰ সময়তে শনিবাৰে বৰপেটাৰোডৰ এফ আৰ ইউত উপস্থিত হয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ চিকিৎসালয়খনত উপস্থিত হৈয়ে শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঁথনি সন্দৰ্ভত চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মীসকলৰ লগত মত বিনিময় কৰে ৷
মত বিনিময়ৰ অন্তত চিকিৎসালয়খনত পৰ্যাপ্ত ডাক্তৰ, নাৰ্চ, চিকিৎসা কৰ্মীৰ অভাৱৰ লগতে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে উন্নত মেচিনসমূহৰ কথাতো বাদে সাধাৰণ আল্ট্ৰাচাউণ্ড, ইচিজি মেচিনৰ লগতে কাৰিকৰী বিশেষজ্ঞ নাই বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ সেয়েহে স্বাস্থ্যমন্ত্ৰীৰ লগত চিকিৎসালয়খনৰ আন্তঃগাঁথনি সন্দৰ্ভত আলোচনা কৰি সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে, বৰপেটাৰোডৰ এইখন চিকিৎসালয়ত জিলাখনৰ ভিতৰত সৰ্বাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল যদিও দীৰ্ঘদিনৰ পৰা পৰ্যাপ্ত সা-সঁজুলিৰ অভাৱৰ বাবে প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ বন্ধ হৈ আছে ৷ যাৰ ফলত ৰোগীসকলে বহু পৰিমাণৰ ধন খৰচ কৰি ব্যক্তিগত চিকিৎসালয়লৈ যাবলগীয়া হৈছে ৷ অতি শীঘ্ৰে পৰ্যাপ্ত সা-সঁজুলিৰে পুনৰ চিকিৎসালয়খনত পূৰ্বৰ দৰে চিজাৰিয়ান অস্ত্ৰোপচাৰৰ কাম আৰম্ভ কৰা হ'ব বুলি চিকিৎসকসকলে বিধায়ক তালুকদাৰক জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, বৰপেটাৰোডৰ এফ আৰ ইউ পৰিচালনা সমিতিৰ চেয়াৰমেনৰ দায়িত্ব স্থানীয় বিধায়ক হিচাপে তেওঁৰে থাকিব বুলি উল্লেখ কৰি প্ৰতিমাহে অন্তত এবাৰকৈ হ'লেও সভা-সমিতি বহি আলাপ-আলোচনাৰ মাজেৰে চিকিৎসালয়খনৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ পথ প্ৰশস্ত হ'ব বুলিও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক: লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক