ETV Bharat / state

Protest in Sarthebari: চৰকাৰী সামগ্ৰী আত্মসাতৰ অভিযোগ গাঁও প্ৰধান-মণ্ডলৰ বিৰুদ্ধে - ৰকাৰী সকলো সামগ্ৰী হৰলুকি

চৰকাৰী সকলো সামগ্ৰী হৰলুকি কৰিছে নামশালাৰ গাঁও প্ৰধান আৰু মণ্ডলে ৷ এই অভিযোগ সৰ্থেবাৰীৰ একাংশ লোকৰ ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সৰ্থেবাৰীৰ একাংশ বন্যাৰ্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest in Sarthebari) ৷

Protest in Sarthebari
প্ৰতিবাদত উত্তাল হ’ল সৰ্থেবাৰী
author img

By

Published : Aug 4, 2022, 3:59 PM IST

বৰপেটা, ৪ আগষ্ট : প্ৰতিবাদত উত্তাল হ’ল সৰ্থেবাৰী (Protest in Sarthebari) ৷ প্ৰাপ্য বিচাৰি এইবাৰ সৰ্থেবাৰীৰ একাংশ বন্যাৰ্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ অভিযোগ, সৰ্থেবাৰীৰ নামশালাৰ গাঁও প্ৰধান আৰু মণ্ডলে বন্যাৰ্তৰ বাবে অহা চৰকাৰী সকলো সামগ্ৰী হৰলুকি কৰিছে ৷

প্ৰতিবাদত উত্তাল হ’ল সৰ্থেবাৰী

আনকি বন্যাৰ্তৰ নামৰ তালিকাত অন্তৰ্ভুক্ত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে নাম সন্নিবষ্ট কৰিছে গাঁও প্ৰধানৰ অঙহী-বঙহীকহে ৷ আনকি চৰকাৰী সাহাৰ্যও লাভ কৰিছে গাঁও প্ৰধানৰ পৰিয়ালৰ লোকেহে ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে নামশালাৰ একাংশ লোক (Villagers protest about flood relief at sarthebari)৷

উপায়ন্তৰ হৈ নামশালাৰ একাংশ লোকে বৃহস্পতিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ আনকি এই বিষয় সন্দৰ্ভত নামশালাৰ একাংশ ৰাইজে চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰক উচিত তদন্ত কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : Protest in Kalgachia: খহনীয়া প্ৰতিৰোধৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.