ETV Bharat / state

বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান - কৰ'ণা আক্ৰান্ত

বজালী জিলাৰ ভৱানীপুৰ আৰু পাঠশালাত আজিৰে পৰা আৰম্ভ হৈছে ভেকচিন প্ৰদানৰ ব্যৱস্থা ৷ 18 বছৰৰ উৰ্ধৰ সকলো ব্যক্তিকে প্ৰদান কৰা হয় ভেকচিন ৷

বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক প্ৰদান ভেকচিন

author img

By

Published : May 7, 2021, 3:19 PM IST

বৰপেটা,7মে': শুকুৰবাৰে পুৱাৰে পৰা বজালী জিলাৰ ভৱানীপুৰ আৰু পাঠশালাৰ বিভিন্ন স্থানত ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰদান কৰা হয় ভেকচিন । ১৮ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিকে প্ৰদান কৰা হৈছে এই ভেকচিন ৷

ক'ভিড প্ৰটকলৰ মাজেৰে ভৱানীপুৰ আৰু পাঠশালাৰ ৰাইজে গ্ৰহণ কৰে ভেকচিন ৷ অঞ্চল দুটাৰ প্ৰতিটো কেন্দ্ৰতে এদিনত ১৫০ গৰাকীকৈ লোকৰ ভেকচিন প্ৰদানৰ সুবিধা কৰিছে জিলা প্ৰশাসনে । বজালী জিলাত প্ৰায় ১০ৰ পৰা ১২টা লৈকে ক'ভিড ভেকচিন প্রদানৰ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালকৈ বজালী জিলাতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ জিলাখনত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৪২০ গৰাকী ৷ ইয়াৰে মৃত্যু হৈছে 3 গৰাকী আক্ৰান্ত ৷ জিলা খনত ক্ৰমশ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে ভেকচিন প্ৰদানৰ ব্যৱস্থা ৷

অন্য এক খবৰৰ বাবে: প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.