বৰপেটা, ১২ ছেপ্তেম্বৰ : আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল কৃষ্ণগুৰু সেৱাশ্ৰমত শনিবাৰে নিশা উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সেৱাশ্ৰমৰ মুখ্য প্ৰৱেশদ্বাৰৰে আহি মূল কীৰ্তন ঘৰত সোমাই গুৰুৰ আশীষ গ্ৰহণ কৰাৰ পাছত সুবৰ্ণ কুড়ত পদব্ৰজে প্ৰৱেশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইয়াতে কিছু সময় নাম জপ কৰি গুৰুগৃহত প্ৰৱেশ কৰে মন্ত্ৰীগৰাকীয়ে ।
সোণোৱালে গুৰুগৃহত সেৱাশ্ৰমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতে সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয় । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত শনিবাৰে নিশা প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে সকলোৰে মংগলৰ বাবে গুৰু সেৱা কৰিবলৈ আশ্ৰমত উপস্থিত হোৱা বুলি মত ব্যক্ত কৰে ৷
সোণোৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা অনুৰোধমৰ্মে, গুৱাহাটীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ক আধুনিক ৰূপ দিয়াৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীৰ হাতত এই সন্দৰ্ভত পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে । একেদৰে অসমক লৈ আৰু বহুকেইখন আঁচনি থকা বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
আনহাতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলোকে শুভেচ্ছা জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিবলৈ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় হৃষিকেশ গোস্বামী, মমিনুল আৱাল আৰু শান্তনু ভড়ালীৰ লগতে নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ ।
লগতে পঢ়ক : আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি