বৰপেটা, ২৬ নৱেম্বৰ : ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে শুকুৰবাৰে বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী ড৹ মহেন্দ্ৰ নাথ পাণ্ডে(Union Minister Of Heavy Industries Dr Mahendra Nath Pandey) ৷ বৰপেটাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ গাড়ী নিৰ্মাণ (অটোমোবাইল) ক্ষেত্ৰখন সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰদূষণমুক্ত শক্তি আহৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে(Priority to automobile sector ) ৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ সৈতে ফেৰ মাৰি বৈদ্যুতিক শক্তি সম্পন্ন যান বাহন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ৷
ইপিনে ৰাজ্যত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰ আগ্ৰহী বুলি বৰপেটাত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত ৰাজ্যৰ উদ্যোগমন্ত্ৰীয়ে দেশৰ লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰীৰ সৈতে পদক্ষেপ গ্ৰহণৰ ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Schemes for unemployee) ৷
গুৰু উদ্যোগ মন্ত্ৰী ড৹ মহেন্দ্ৰ নাথ পাণ্ডেয়ে দেশৰ আন ৰাজ্যসমূহৰ দৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন(PM Narendra Modis vision helps Develop Northeast)ৰ কথা প্ৰকাশ কৰি এই অঞ্চলৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰয়াস কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ জিলাখনৰ পানীযোগান আঁচনি এখন পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা সুফল লাভ কৰা বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে ৷
লগতে পঢ়ক : প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ