বৰপেটা, ৩ অক্টোবৰ : বৰপেটাৰ পাকাবেতবাৰী গাঁৱত ২৭ অক্টোবৰৰ নিশা জন্ম লাভ কৰা দুটা মূৰ সংলগ্ন দুই যমজ সন্তানৰ লগতে প্ৰসূতি গৰাকীক GMCH ত ভৰ্তি কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ৷
২৭ অক্টোবৰৰ নিশা স্বাভাৱিক অৱস্থাত জন্ম হৈছিল যমজ শিশু দুটিৰ ৷ ইয়াৰ পাচতে মঙলবাৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ তৎপৰতাত বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু এগৰাকী অতিৰিক্ত উপায়ুক্তই পৰিয়ালটোৰ গৃহত উপস্থিত হৈ প্ৰসূতি আৰু শিশু দুটাৰ অৱস্থাৰ বুজ লৈছিল ৷
বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই শিশু দুটাক জিএমছিএইচলৈ প্ৰেৰণ কৰে ৷ জিএমছিএইচৰ বিশেষজ্ঞ চিকিৎসক আৰু হাস্পতাল কৰ্তৃপক্ষই শিশু দুটাৰ মূৰ দুটা অস্ত্ৰোপচাৰ জৰিয়তে বিচ্ছিন্ন কৰাৰ সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা