ETV Bharat / state

Two thieves detained: মছজিদত চুৰি কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ

author img

By

Published : May 1, 2023, 6:44 PM IST

বৰপেটাৰ ঐতিহ্যমণ্ডিত 206 বছৰীয়া চেঙাৰ জামে মছজিদত নিশা চোৰ কৰিবলৈ গৈ দানপাত্ৰ ভাঙি থাকোঁতেই হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ (Two thieves caught stealing in mosque)৷

Two thieves caught red handed
মছজিদত চোৰ কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ

বৰপেটা, ১ মে: নিৰাপত্তাহীনতাত বৰপেটাবাসী ৷ দীৰ্ঘদিন ধৰি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত চোৰে চাফাই অভিযান অব্যাহত ৰাখিছে (Two thieves caught stealing in mosque) ৷ এইবাৰ বৰপেটাৰ ঐতিহ্যমণ্ডিত 206 বছৰীয়া চেঙাৰ জামে মছজিদত নিশা চোৰ কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ ৷ নিশা হ'লেই যেন এতিয়া একাংশ ধৰ্মীয় অনুষ্ঠানৰ সুৰক্ষাৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ পৰিছে ৷ চোৰৰ পৰা সুৰক্ষিত নহয় ধৰ্মীয় অনুষ্ঠানসমূহো (Two thieves detained) ৷

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱতি নিশা মছজিদটোৰ পৰা শব্দ অহাত মছজিদৰ ওচৰে পাজৰে থকা লোকসকলে চাবলৈ মছজিদটোলৈ আহে (Thieves caught stealing in mosque in Barpeta) ৷ দুটা চোৰে মছজিদটোৰ খিৰীকিত গ্ৰীল থকাৰ বাবে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি দুটা চোৰে মছজিদৰ দানপাত্ৰৰ তলা ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰেহি ৷ চেঙা মুছলমান গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্য কহিম আলী আৰু তেওঁৰ সহযোগী বন্ধু আনোৱাৰ হুছেইনে চোৰ দুটাক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ।

তাৰ পিচতেই স্থানীয় লোকে তাৰাবাৰী আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীৰ দল এটা উপস্থিত হোৱাত চোৰ দুটাক আৰক্ষীক গতাই দিয়ে ৰাইজে । ধৃত চোৰ দুটা গহিয়াৰ ৰকিবুল ইছলাম আৰু বাগোদিৰ হামিদুল ইছলাম বুলি জানিব পৰা গৈছে (Two thieves caught red handed)।

চোৰ দুটাৰ পৰা হাতুৰী, প্লাছকে ধৰি তলা ভঙা কামত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰীৰ লগতে এখন চাইকেল জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুবাৰকৈ চেঙা জামে মছজিদত চুৰিৰ ঘটনা সংঘটিত হৈছিল । পূৰ্বতেও মছজিদৰ দানপাত্ৰ ভাঙি ধন নিছিল দুৰ্বৃত্তই । ধৃত চোৰ দুটাক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে চেঙা জামে মছজিদ সমিতিৰ তৰফৰ পৰা ।

লগতে পঢ়ক : Thief caught : শিশু লৈ পলায়ন কৰা ম’বাইল চোৰ আটক

স্মৰ্তব্য যে, জিলাখনৰ কলগাছিয়াৰ দেউকুৰাত এটি শিশু চোৰক আটক কৰা হৈছে (Public Caught Thief in Kalgachia) ৷ চোৰটোৰ পৰা এটা ম’বাইলৰ লগতে উদ্ধাৰ কৰা হৈছে এটি ১২ বছৰীয়া শিশু ৷ নিচাসক্ত ৰাকিবুল ইছলাম নামৰ চোৰটোৱে দেওবাৰে দিনৰ ভাগত বৰপেটা ৰোডৰ পৰা এটা এণ্ড্ৰইড ম’বাইল চুৰি কৰি অনাৰ লগতে কাম দিয়াৰ প্ৰলোভনেৰে এটি 12 বছৰীয়া শিশুক ফুচুলাই লৈ আহে (Thief Detained in Kalgachia) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.