ETV Bharat / state

Two Teachers Fight : বিদ্যালয় নহয় যেন ৰণাংগনহে; জোতা-চেণ্ডেল হাতত লৈ দুই শিক্ষকৰ তুমুল মাৰপিট - মাৰপিট কৰি গুৰুতৰভাৱে আহত

বৰপেটা জিলাৰ কলগাছিয়াৰ বিদ্যালয়ৰ চৌহদত দুই শিক্ষকৰ মাজত তুমুল মাৰপিটৰ ঘটনা ৷ সহশিক্ষক আব্দুল কাদেৰৰ লগত বিদ্যালয়ৰে হিন্দী শিক্ষক নজৰুল ইছলামে বাক বিতণ্ডাত লিপ্ত হয় ৷ খঙে চূড়ান্ত সীমা অতিক্ৰম কৰাত দুয়োগৰাকী শিক্ষকে পিন্ধি থকা জোতা-চেণ্ডেল হাতত তুলি লয় ৷

Two Teachers Fight in Kalgachia
বিদ্যালয় নহয় যেন ৰণাংগনহে
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:04 PM IST

বিদ্যালয় নহয় যেন ৰণাংগনহে

জনীয়া, 14 নৱেম্বৰ : বিদ্যালয়ক পবিত্ৰ স্থান বুলি কোৱা হয় ৷ কিন্তু এই বিদ্যালয়ে যেতিয়া ৰণাংগনলৈ পৰিৱৰ্তিত হয় তেতিয়াই লাগে কেনা ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ বিদ্যালয়ৰ চৌহদত দুই শিক্ষকৰ মাজত তুমুল মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনা শওপুৰ ইউ এছ এ এম ই স্কুল উদমাৰিত সংঘটিত হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যালয়খনত মঙলবাৰে পুৱা পাঠদান চলি থকাৰ মাজতে দুজন শিক্ষকৰ মাজত কথা কটাকটি লাগে ৷ কাৰ্যালয়ৰ ভিতৰতে সহশিক্ষক আব্দুল কাদেৰৰ লগত বিদ্যালয়ৰে হিন্দী শিক্ষক নজৰুল ইছলামে বাক বিতণ্ডাত লিপ্ত হয় ৷ প্ৰথমে এই কাজিয়া সামান্য কথাত লাগে যদিও পিচলৈ এই কাজিয়াই ভয়ংকৰ ৰূপ লয় ৷

খঙে চূড়ান্ত সীমা অতিক্ৰম কৰাত দুয়োগৰাকী শিক্ষকে পিন্ধি থকা জোতা-চেণ্ডেল হাতত তুলি লয় ৷ নজৰুল ইছলামে প্ৰথমতে আব্দুল কাদেৰক আক্ৰমণ কৰে যদিও পিছ মূহুৰ্তত কাঠৰ বাটামেৰে আব্দুল কাদেৰক বেয়াকৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে । পৰৱৰ্তী সময়ত সহশিক্ষকে দুয়োৰে মাজৰ কাজিয়াৰ অন্ত পেলায় ৷

ইফালে অভিযোগ অনুসৰি, কেইদিন পূৰ্বে ভুৱা ডিচিৰ ভাও ধৰি নজৰুল ইছলামে বিদ্যালয়লৈ অহা পলম হোৱাৰ বাবে শিক্ষকসকলৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ পত্নীৰ একাউণ্টত জমা কৰে ৷

এই ঘটনাৰ পিচতে, বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অভিযোগ উত্থাপন কৰা মতে, এনেকোৱা শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতলৈ অন্ধকাৰ নামি আহিব পাৰে ৷ গতিকে এনেকুৱা শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব। এনে আজৱ কাণ্ডই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো আমোদ দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Student enrollment with fraud : আজবকাণ্ড; ধনৰ খকত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.