ETV Bharat / state

বৰপেটাত বানত সন্ধানহীন দুটি শিশু

author img

By

Published : Jul 16, 2020, 3:36 PM IST

বানত সন্ধানহীন দুই শিশু উদ্ধাৰৰ বাবে SDRF বাহিনীৰ তীব্ৰ অভিযান ৷ শিশু কেইটা সম্পৰ্কত ভাতৃ-ভগ্নী ৷

Two Child Missing At Barpeta Flood
বৰপেটাত বানত সন্ধানহীন দুটি শিশু

বৰপেটা, ১৬ জুলাইঃ বৰপেটাৰ বাঘবৰৰ পাহাৰপুৰ কাতুলি গাঁৱত বানত সন্ধানহীন হৈছে দুটি শিশু ৷ সন্ধানহীন শিশু কেইটা সম্পৰ্কত ভাতৃ-ভগ্নী বুলি জানিবলৈ পোৱা গৈছে ৷

বৰপেটাত বানত সন্ধানহীন দুটি শিশু

বৰপেটাৰ বাঘবৰত সংঘটিত হয় এক অঘটন ৷ ঘৰৰ কাষতেই পানীত পৰি সন্ধানহীন হৈ পৰিছে শিশু দুটি ৷ সন্ধানহীন হৈ পৰা শিশু দুটি পাহাৰপুৰ কাতুলিগাঁৱৰ আতোৱাৰ আলীৰ পুত্ৰ কন্যা আৰ্জিনা পাৰবীন (৭) আৰু ৰছিদুল আলী (৫) ৷ উক্ত ঘটনাটো ততালিকে SDRF বাহিনীক অৱগত কৰে স্থানীয় লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে SDRF বাহিনী ৷ SDRF বাহিনীয়ে দুয়োটা শিশুৰ সন্ধানত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ কিন্তু এতিয়ালৈ কোনো সন্ধান উলিয়াব পৰা নাই শিশু দুজনৰ ৷ একেটা পৰিয়ালৰ দুটাকৈ শিশু বানত সন্ধানহীন হৈ পৰা ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- বান পৰিস্থিতিয়ে জুৰুলা কৰিছে চাপৰৰ বানাক্ৰান্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.