ETV Bharat / state

কলগাছিয়াত পথ দুৰ্ঘটনা: ট্ৰেক্টৰৰ খুন্দাত নিহত শিশু

author img

By

Published : Sep 7, 2019, 7:43 PM IST

বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত ভয়ানক পথ দুৰ্ঘটনা ৷ আহতক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি৷

কলগাছিয়াত পথ দুৰ্ঘটনা

জনীয়া, 7 ছেপ্তেম্বৰ:

  • কলগাছিয়াত ভয়ানক পথ দুৰ্ঘটনা
  • অবৈধভাৱে বালি কঢ়িওৱা ট্ৰেক্টৰৰ ট্ৰলিৰে এখন অট'ৰ সংঘৰ্ষ
  • নিহত ছুমাইয়া খাতুন নামৰ এগৰাকী ২ বছৰীয়া কন্যা শিশু
  • গুৰুত্বৰ ভাৱে আহত শিশুটিৰ মাতৃ ৰূপছি খাতুনৰ লগতে আন এগৰাকী মহিলা
  • ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰ চালকৰ পলায়ন
    কলগাছিয়াত ভয়ানক পথ দুৰ্ঘটনা

জনীয়া, 7 ছেপ্তেম্বৰ:

  • কলগাছিয়াত ভয়ানক পথ দুৰ্ঘটনা
  • অবৈধভাৱে বালি কঢ়িওৱা ট্ৰেক্টৰৰ ট্ৰলিৰে এখন অট'ৰ সংঘৰ্ষ
  • নিহত ছুমাইয়া খাতুন নামৰ এগৰাকী ২ বছৰীয়া কন্যা শিশু
  • গুৰুত্বৰ ভাৱে আহত শিশুটিৰ মাতৃ ৰূপছি খাতুনৰ লগতে আন এগৰাকী মহিলা
  • ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰ চালকৰ পলায়ন
    কলগাছিয়াত ভয়ানক পথ দুৰ্ঘটনা
Intro:slug: as_jania_7sep_tractor_accident_vis4+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত ভয়াৱহ পথ দূর্ঘটনা। ট্ৰেক্টৰৰ ট্ৰলিৰ খুন্দাত নিহত এটি নৱজাতকৰ লগতে আন দুজন আহত। আহত সকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি।Body:slug: as_jania_7sep_tractor_accident_vis4+byt2+pho1_story_asc10058

VO-1: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত আজি এক ভয়াৱহ পথ দূর্ঘটনা সংঘটিত হয়। AS 15C 8898 নম্বৰৰ অবৈধ ভাবে বালি কঢ়িয়াই অনা ট্ৰেক্টৰৰ ট্ৰলিৰ খুন্দাত অটোৰে কলগাছিয়ালৈ আহি থকা ছুমাইয়া খাতুন নামৰ এগৰাকী ২ বছৰীয়া কন্যা শিশু নিহত হোৱাৰ লগতে শিশু গৰাকীৰ মাতৃ ৰূপছি খাতুন আৰু আন এগৰাকী তিৰোতা আহত হয়। পথ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰলিৰ খুন্দাত শিশু গৰাকীৰ মগজু ওলাই পৰাৰ লগতে মাতৃ গৰাকীৰ এখন হাত ভাঙি যায়। লগে লগে আহত সকলক ওচৰতে থকা বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰৰ চালকজন পলায়ন কৰিছে। উল্লেখ্যে যে, চিকিৎসালিলৈ যাতায়ত কৰা পথৰ ওপৰত ৰখাই থোৱা অটো আৰু আন আন গাড়ীৰ বাবে সঘনাই এনে দূর্ঘটনা হৈ থাকে আৰু আজিও হৈছে। কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দূর্ঘটনা হৈছে বুলি ৰাইজে অভিযোগ কৰে।Conclusion:slug: as_jania_7sep_tractor_accident_vis4+byt2+pho1_story_asc10058

Byte: ৰাইজ আৰু চিকিৎসকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.